গুৱাহাটীত পিয়াপি দি ফুৰিছে হেকাৰে, লুটি লৈ গ’ল একাউণ্টৰ সমস্ত ধন

Wednesday, 20 November 2019

দৈনিক বাতৰি

গুৱাহাটীত পিয়াপি দি ফুৰিছে হেকাৰে, লুটি লৈ গ’ল একাউণ্টৰ সমস্ত ধন

জি প্লাছ নিউজডেস্ক | December 06, 2018 11:50 hrs

গুৱাহাটী - গুৱাহটীত প্ৰায় প্ৰতিদিনেই হেকাৰৰ কবলত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে নাগৰিক। এইবাৰ গুৱাহাটীৰ এগৰাকী লোকৰ বেংক একাউণ্ট খালী কৰি লৈ গ’ল ৰাজস্থানৰ পৰাই। অভিযোগ অনুসৰি গুৱাহাটীৰ অনন্যা লাহিড়ী নামৰ এগৰাকী লোকৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ একাউণ্টৰ পৰা ৭৬০০০ টকা উলিয়াই নিয়া হৈছে। 

ভুক্তভোগী লোকগৰাকীৰ পৰিয়ালসূত্ৰত প্ৰকাশ যে তেওঁৰ একাউণ্টৰ পৰা ৭৬০০০ টকা উলিয়াই নিয়াৰ এক মেছেজ লাভ কৰে। মেছেজত উল্লেখ থকা অনুসৰি ৰাজস্তানৰ জয়পুৰৰ এটা এটিএমৰ পৰা টকাখিনি উলিয়াই নিয়া হৈছে। ইতিমধ্যে এই সংক্ৰান্তত পানবজাৰ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰা হৈছে আৰু শীঘ্ৰেই এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হ’ব বুলিও আৰক্ষীসূত্ৰত প্ৰকাশ।

Banner

প্ৰতিনিধিত্বমূলক ফটো