স্বামী হত্যাৰ মিছা অভিযোগত কাৰাবাস খটা মহিলাক উচ্চতম ন্যায়ালয়ৰ ন্যায় প্ৰদান
দৈনিক বাতৰি

স্বামী হত্যাৰ মিছা অভিযোগত কাৰাবাস খটা মহিলাক উচ্চতম ন্যায়ালয়ৰ ন্যায় প্ৰদান

জি প্লাছ নিউজডেস্ক | November 01, 2018 13:02 hrs

গুৱাহাটী - স্বামী হত্যাৰ অভিযোগত তেওঁক বিহা হৈছিল যাৱজ্জীৱন কাৰাদণ্ড। অভিযোগ আছিল তেওঁৰ স্বামীক হত্যা কৰিছিল তেওঁ। কোনেও দেখা নাছিল অৱশ্যে, কেৱল স্বামীৰ মৃত্যুৰ পিছত তেওঁ চকুলো নুটুকা বাবেই সন্দেহবশতঃ গতাই দিয়া হৈছিল আৰক্ষীক। বিচাৰ প্ৰক্ৰিয়াও চলিছিল হয়তো সত্যৰ বিপৰীতে। আজিৰ পৰা প্ৰায় পাচবছৰ পূৰ্বেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা বিচাৰৰ ৰায় দিয়া হৈছিল মহিলাগৰাকীৰ বিৰুদ্ধে। যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়।

আৰু সুদীৰ্ঘ পাচবছৰ কাৰাবাস খটাৰ পিছত ৩১ অক্টোবৰ বুধবাৰে ন্যায়াধীশ আৰ এফ নাৰিমন আৰু নবীন সিনহাৰ বিচাৰপীঠে মহিলাগৰাকীক দোষমুক্ত ঘোষণা কৰে। বিচাৰপীঠে প্ৰদান কৰা ৰায় অনুসৰি কোনো লোকক বাহ্যিক অভিব্যক্তিৰ সন্দেহৰ আধাৰত দোষী সাব্যস্ত কৰিব নোৱাৰি।

উল্লেখ্য যে স্বামীৰ মৃত্যুৰ পূৰ্বে কেৱল মহিলাগৰাকীয়েই আছিল স্বামীৰ কাষত আৰু মৃত্যুৰ পিছতো মহিলাগৰাকীয়ে কন্দা নাছিল। এই অভিব্যক্তিৰ ভিত্তিতেই মহিলাগৰাকীক হত্যাকাৰীৰ সন্দেহত শাস্তি বিহা হৈছিল।

প্ৰতিনিধিত্বমূলক ছবি