বৰঝাৰ বিমান বন্দৰৰ উদ্যোগত সন্ধান আৰু উদ্ধাৰ অভিযান বিষয়ক কৰ্মশালা  
দৈনিক বাতৰি

বৰঝাৰ বিমান বন্দৰৰ উদ্যোগত সন্ধান আৰু উদ্ধাৰ অভিযান বিষয়ক কৰ্মশালা  

জিপ্লাছ নিউজ ডেস্ক | November 08, 2019 13:15 hrs

৮ নৱেম্বৰ, গুৱাহাটী : ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ-পূৱ মন্ডলৰ উদ্যোগত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত দুদীনীয়কৈ সন্ধান আৰু উদ্ধাৰ অভিযান বিষয়ক এখন কৰ্মশালা  অনুষ্ঠিত কৰা হয়। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী (এন ডি আৰ এফ) ভাৰতীয় বায়ুসেনা,ভাৰতীয় সেনা,অসম ৰাজ্যক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণকে ধৰি বিমান পৰিবহণ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিষয়ৰ লগত জড়িত বিভিন্ন বিভাগৰ কৰ্তৃপক্ষৰ প্ৰতিনিধি উপস্থিত থাকে। 

আৰক্ষী আয়ুক্ত দীপক কুমাৰে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লয়। বৰঝাৰ বিমান বন্দৰক উপ কেন্দ্র হিচাপে লৈ গঠন কৰা সন্ধান আৰু উদ্ধাৰ অভিযান কেন্দ্রই প্রথম বাৰৰ বাবে এনে ধৰণৰ কৰ্মশালাৰ আয়োজন কৰা বাবে বিভাগ আৰু কৰ্তৃপক্ষই সকলোকে শলাগ লয় বিভিন্ন  ।

Banner