তিনিদিন পিছতো সন্ধান নাই তৃষ্ণা কলিতাৰ, ব্ৰহ্মপুত্ৰত অব্যাহত উদ্ধাৰ অভিযান
দৈনিক বাতৰি

তিনিদিন পিছতো সন্ধান নাই তৃষ্ণা কলিতাৰ, ব্ৰহ্মপুত্ৰত অব্যাহত উদ্ধাৰ অভিযান

জিপ্লাছ ব্যুৰ’ | June 12, 2019 12:19 hrs

১২ জুন, গুৱাহাটী - আজিও সন্ধান ওলোৱা নাই তিনিদিন পূৰ্বেই ব্ৰহ্মপুত্ৰত জাপ দিয়া চন্দ্ৰপুৰ কলেজৰ ছাত্ৰী তৃষ্ণা কলিতাৰ। আজি পুনৰ ছাত্ৰীগৰাকীৰ সন্ধানত অভিযান চলাইছে SDRF আৰু NDRF বাহিনীয়ে।

উল্লেখ্য যে সোমবাৰে ২ ছাত্ৰসহ ব্ৰহ্মপুত্ৰত জাঁপ দিছিল চন্দ্ৰপুৰ কলেজৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী তৃষ্ণাই। ইতিমধ্যে উদ্ধাৰ হৈছে জাগীৰোড কলেজৰ দুই ছাত্ৰ ভাৰ্গৱ ডেকা আৰু ৰঞ্জন ডেকাৰ মৃতদেহ। ফুৰিবলৈ আহি ব্ৰহ্মপুত্ৰত জাঁপ দিছিল তিনি শিক্ষাৰ্থীয়ে। 

Banner

তৃষ্ণা কলিতা