১০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ছেবাই মুকলি কৰিলে পৰীক্ষাসূচী
দৈনিক বাতৰি

১০ ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, ছেবাই মুকলি কৰিলে পৰীক্ষাসূচী

জিপ্লাছ ব্যুৰ' | December 03, 2019 14:36 hrs

০৩ ডিচেম্বৰ, গুৱাহাটী - আজি ঘোষণা কৰা হৈছে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। ছেবাই আজি ঘোষণা কৰিছে এই পৰীক্ষাৰ সময়সূচী। সেই অনুসৰি অহা ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

পৰীক্ষাৰ সময়সূচী অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ চলিব। ইফালে ব্যৱহাৰিক পৰীক্ষাবোৰ অনুষ্ঠিত হ'ব ২১ আৰু ২২ ফেব্ৰুৱাৰী ২০২০ ত। 

উল্লেখ্য যে ২০১৯ চনত সমগ্ৰ অসমৰ ৮৫৭ টা কেন্দ্ৰত মুঠ ৩.৫৭ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

প্ৰতিনিধিত্বমূলক ছবি