গুৱাহাটীত আজি ১৪৪ ধাৰা জাৰি
দৈনিক বাতৰি

গুৱাহাটীত আজি ১৪৪ ধাৰা জাৰি

জি প্লাছ নিউজডেস্ক | November 15, 2018 16:48 hrs

গুৱাহাটী - আজি গুৱাহাটীত জাৰি কৰা হৈছে ১৪৪ ধাৰা। পূৱ আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত ড. ৰমনদীপ কৌৰে জাৰি কৰা এক নিৰ্দেশনাযোগে সমগ্ৰ পূৱ গুৱাহাটী এলেকাৰ সাধাৰণ জনজীৱন ব্যাহত নহ’বৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতাৰে বিগত ১১ নৱেম্বৰৰ পৰা গুৱাহাটী অভিমূখে আহি থকা ৰাজ্যৰ ৭০ টা সংগঠনৰ কৰ্মকৰ্তা ইতিমধ্যে গুৱাহাটী আহি পাইছে আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিছে। এনে পৰিস্থিতিত ৰেলী বা অন্যান্য অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ’বৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা এই ব্যৱস্থা হাতত লোৱা হৈছে।

উল্লেখ্য যে এই নিৰ্দেশনাই দিছপুৰ, ভঙাগড়, বশিষ্ঠ, হাতীগাওঁ, সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী থানাক সামৰি ল’ব। এই থানাসমূহে সামৰি লোৱা কোনো এলেকাতেই কোনোধৰণৰ লোকসমাৱেশ হ’ব নোৱাৰিব। ধাৰা ১৪৪ অনুসৰি কোনো স্থানতেই ৫জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। কোনো ধৰ্ণা, প্ৰতিবাদী সমদল আদিও উলিয়াব নোৱাৰিব।

প্ৰতিনিধিত্বমূলক ফটো