গুৱাহাটীত ১৪৪ ধাৰা | গুৱাহাটী নিউজ
দৈনিক বাতৰি

গুৱাহাটীত ১৪৪ ধাৰা

জি প্লাছ নিউজ | January 22, 2021 12:06 hrs

গুৱাহাটী : গুৱাহাটীৰ কেইবাখন ঠাইত জাৰি কৰা হৈছে ১৪৪ ধাৰা । কেন্দ্ৰীয় আৰক্ষী জিলাত গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষকে জাৰি কৰিছে ১৪৪ ধাৰা । 


গুৱাহাটীৰ পানবজাৰ, পল্টনবজাৰ, লতাশিল, চানমাৰি, গীতানগৰ, প্ৰাগজ্য়োতিষপুৰ, নুনমাটি আৰু সাত গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাহাল থাকিব ১৪৪ ধাৰা । ২১ জানুৱাৰীত জাৰি কৰা হৈছে এই নিৰ্দেশনা ।


১৪৪ ধাৰাৰ ফলত পাঁচজনতকৈ অধিক লোকে একে স্থানত সমাবেশ কৰিব নোৱাৰিব । ইয়াৰ উপৰি আন্দোলন, বিক্ষোপ, সমাবেশ, মাছাল ৰেলী, শ্ল'গান আদিও দিয়াত বাধা আৰোপ কৰা হৈছে । 


কেন্দ্ৰীয় আৰক্ষী জিলা, গুৱাহাটীৰ কিছু অংশত কোনো অনিৰ্দিষ্ট বা সমূহৰ দ্বাৰা অফিছৰ সাধাৰণ কাম-কাজ, জনসাধাৰণৰ চলাচল আৰু যাতায়ত প্ৰবাহ ক্ষেত্ৰত বাধা, অশান্তিৰ উদ্বেগ প্ৰকাশ কৰিয়ে এই আদেশ জাৰি কৰা হৈছে ।