Section 144 Imposed in West Police District of Guwahati | Assamese News
দৈনিক বাতৰি

গুৱাহাটীৰ পশ্চিম আৰক্ষী জিলাত ১৪৪ ধাৰা আৰোপ

জিপ্লাছ | June 01, 2020 15:10 hrs

১ জুন, গুৱাহাটী - ন’ভেল ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিগত প্ৰায় দুটা মাহ ধৰি সমগ্ৰ দেশে লকডাউনৰ মাজত থকাৰ পিছত ১ জুনৰ পৰা আৰম্ভ কৰা হৈছে আনলক। অৱশ্যে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ নাগৰিকৰ যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব। এই নিয়ম বলবৎ থাকিব ১ জুনৰ পৰা ৩০ জুন পৰ্যন্ত।

উল্লেখ্য যে পশ্চিম আৰক্ষী জিলাৰ ভিতৰত সামৰি লোৱা হয় ভৰলুমুখ, ফটাশিল আমবাৰী, গড়চুক, জালুকবাৰী আৰু আজাৰা আৰক্ষী থানা এলেকা। সংশ্লিষ্ট এলেকাত আটাইবোৰ অত্যাৱশ্যকীয় কাৰ্যাৱলীৰ বাদে উক্ত সময়ছোৱাত বাকী সেৱা বন্ধ থাকিব।