পেঞ্চন, ভৱিষ্য নিধিৰ ধন লাভ নকৰি চৰম আৰ্থিক দীনতাত ভুগি আত্মহত্যা জ্যেষ্ঠ নাগৰিকৰ
দৈনিক বাতৰি

পেঞ্চন, ভৱিষ্য নিধিৰ ধন লাভ নকৰি চৰম আৰ্থিক দীনতাত ভুগি আত্মহত্যা জ্যেষ্ঠ নাগৰিকৰ

জিপ্লাছ ব্যুৰ’ | October 09, 2019 12:39 hrs

গুৱাহাটী, ৯  অক্টোবৰ - দুৰ্গা পূজাৰ মাজতে গুৱাহাটীত সংঘটিত হ’ল এক শোকাবহ ঘটনা। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত গাণনিক বিষয়াই চিপজৰী লৈ কৰিলে আত্মহত্যা। ঘটনাটি নুনমাটিৰ গোপালনগৰৰ। নিগত লোকজন অনিল কলিতা।

প্ৰাপ্ত তথ্য অনুসৰি, ২০১৭ চনতেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ গাণনিক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা অনিল কলিতাই অৱসৰৰ তিনিটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো প্ৰাপ্য পেঞ্চন, ভৱিষ্যনিধিৰ ধনকে ধৰি পাবলগীয়া ধনখিনি মোকলাব পৰা নাছিল।

এনে পৰিস্থিতিতে অনিল কলিতাই চৰম আৰ্থিক অনাটনৰ সমূখীন হয় আৰু নিজ সন্তানৰ শিক্ষাৰ খৰচ বহন কৰিব নোৱোৰা অৱস্থা হয়। কেৱল সেয়াই নহয়, ঘৰৰ দৈনন্দিন খৰচ বহন কৰাটো সমস্যাৰ সমূখীন হৈছিল প্ৰয়াত কলিতাৰ। ফলত কাৰ্যতঃ মানসিকভাৱে ভাগি পৰিছিল অনিল কলিতা। - আৰক্ষী সূত্ৰত প্ৰকাশ এই তথ্য।

এনেবোৰ কাৰণতে সোমবাৰে পুৱতি নিশা নিজ কোঠাত চিপ লৈ আত্মহত্যা কৰে বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ। পুৱা নি কন্যাই পিতৃৰ মৃতদেহ ওলমি থকা দেখা পাই স্থানীয় লোক তথা আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ  মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে নুনমাটি থানাত এক এজাহাৰ দাখিল কৰিছে। 

প্ৰতিনিধিত্বমূলক ছবি