অসমক ভাৰতৰ পৰা বিছিন্ন কৰাৰ হুংকাৰ বামপন্থী নেতা শ্বাৰ্জীল ইমামৰ

Saturday, 29 February 2020

দৈনিক বাতৰি

অসমক ভাৰতৰ পৰা বিছিন্ন কৰাৰ হুংকাৰ বামপন্থী নেতা শ্বাৰ্জীল ইমামৰ

জিপ্লাছ নিউজ ডেস্ক | January 25, 2020 15:54 hrs

২৫ জানুৱাৰী, গুৱাহাটী : ‘অসম মুছলমানৰ এলেকা ।’ জৱাহৰ নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বামপন্থী নেতা শ্বাৰ্জীল ইমামৰ বিস্ফোৰক মন্তব্য। অসমক ভাৰতৰ পৰা পৃথক কৰাৰ হুংকাৰ বামপন্থী নেতাগৰাকীৰ। 

শ্বাহীনবাগত এক কা বিৰোধী ভাষণত নেতাগৰাকীয়ে কয় “উত্তৰ পূৰ্বাঞ্চলত মুছলমান সম্প্ৰদায়ৰ লোক ইমানেই বেছি আছে যে তেওঁলোকে সহজতেই ভাৰতৰ পৰা অসমক পৃথক কৰি নিবলৈ পাৰিব। যদি আমি সকলোৱে একগোট হওঁ, তেনেহ’লে আমি উত্তৰ-পূব তথা অসমক ভাৰতৰ পৰা বিছিন্ন কৰিব পাৰিম। এইটো আমাৰ দায়িত্ব। আমি অসমক সহায় কৰিবলৈ হ’লে অসমলৈ সেনাবাহিনী  তথা সকলো আমদানি ৰপ্তানি কৰা পথ বন্ধ কৰিব লাগিব। সেই এলেকাটো মুছলমানৰ হয়।”
 
এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই সষ্টম হৈছে ৰাজ্য চৰকাৰ। অতি শীঘ্ৰেই নেতাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰো মন্তব্য প্ৰকাশ কৰে ৰাজ্য চৰকাৰে। আজি  জনতা ভৱনত আয়োজিত এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - “ তেওঁ শ্বাহীনবাগৰ কা আন্দোলনৰ মূল উদ্যোক্তা। আমি এই উচতনিমূলক মন্তব্য তথা ধৰ্ম বিভাজনৰ এই ভুৱা বাতৰি প্ৰচাৰৰ কাৰণে শ্বাৰ্জীল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।”
 

শ্বাৰ্জীল ইমাম

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Gopal Singh

    Such a chutiya