অসম আৰক্ষীৰ জালত শ্বাৰ্জীল ইমাম
১৩ ফেব্ৰুৱাৰী, গুৱাহাটী : বিতৰ্কিত মন্তব্য প্ৰদান কৰা বামপন্থী নেতা তথা জৱাহৰ নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষণাৰ ছাত্ৰ শ্বাজীল ইমামক পাটিয়ালা হাউচ আদালতে অসম আৰক্ষীক গতাই দিয়ে। প্ৰাপ্ত তথ্য মতে আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত ইমামক হাজিৰ কৰোৱা হ’ব।
বৰ্তমান ছাত্ৰগৰাকীক আৰক্ষীৰ জিম্মাত ৰখা হৈছে । অচিৰেই ইমামক কেন্দ্ৰীয় ফৰেনছিক চাইন্স লেবটৰীত উপস্থিত কৰোৱা হ’ব।
পূৰ্বতে অসম আৰক্ষীৰ সহকাৰী আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ তত্বৱধানত এটা আৰক্ষীৰ দল ইমামি গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীলৈ উৰা মাৰিছিল।
উল্লেখ্য যে শ্বাহীনবাগৰ এখন কা বিৰোধী সভাত অসমক ভাৰতৰ পৰা বিছিন্ন কৰাৰ ভাবুকি প্ৰদান কৰিছিল ইমামে। তাৰ পাছতে ৰাজ্যৰ বিত্তমন্ত্ৰী তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা প্ৰকাশ কৰিছিল।