বিশ্বকাপৰ পৰা বাহিৰ শিখৰ ধাৱান!

Wednesday, 13 November 2019

দৈনিক বাতৰি

বিশ্বকাপৰ পৰা বাহিৰ শিখৰ ধাৱান!

জিপ্লাছ ব্যুৰ’ | June 11, 2019 15:12 hrs

১১ জুন, গুৱাহাটী - ভাৰতীয় ক্ৰীড়াপ্ৰেমীৰ বাবে দুঃসংবাদ! আই চি চি ক্ৰিকেট বিশ্বকাপ ২০১৯ ৰ পৰা আঘাত লৈ আঁতৰিল ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য বেটছমেন শিখৰ ধাৱান। অৱশ্যে ৩ সপ্তাহৰ বাবেহে আঁতৰিছে দলৰ অপেনাৰ তথা সুন্দৰ ফৰ্মত থকা ধাৱান। ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ মেচখনত অষ্ট্ৰেলিয়ান পেচাৰ কুল্টাৰ নাইলৰ এটা বাউন্সাৰত হাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল ধাৱানে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০৯ টা বলত মাৰমুখী শতক অৰ্জন কৰিছিল শিখৰ ধাৱানে। ধাৱানৰ সাহসী ইনিংছৰ ভেটিতেই ভাৰতে অষ্ট্ৰেলিয়াক ৩৫২ ৰাণৰ এক শক্তিশালী লক্ষ্য বান্ধি দিবলৈ সক্ষম হৈছিল। কেৱল সেয়াই নহয়, মেচখনত ধাৱানে ৰোহিত শৰ্মাৰ সৈতে প্ৰথম উইকেটৰ যুটী বান্ধি ১২৬ ৰাণ সংগ্ৰহ কৰিছিল। এনে অৱস্থাত অনাগত নিউজিলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে দুখনকৈ গুৰুত্বপূৰ্ণ মেচত দলত নাথাকিব দিল্লীৰ বেটছমেনগৰাকী। 

অৰ্থাৎ ভাৰতে যদিহে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰে, তেতিয়াহে শিখৰ ধাৱানে পুনৰ চলিত বিশ্বকাপত বেট হাতত লৈ খেলপথাৰত প্ৰৱেশ কৰা দেখিবলৈ পাব ক্ৰিকেটপ্ৰেমীসকলে।

Banner

শিখৰ ধাৱান