ৰাষ্ট্ৰীয় বক্সিং ফাইনেলত শিৱ থাপা
দৈনিক বাতৰি

ৰাষ্ট্ৰীয় বক্সিং ফাইনেলত শিৱ থাপা

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 12:53 hrs

১০ ছেপ্তেম্বৰ, গুৱাহাটী : হিমাচল প্ৰদেশৰ বাডিত চলি থকা  চতুৰ্থ এলিট ৰাষ্ট্ৰীয় বক্সিং (পুৰুষ) চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হৈছে অসমৰ বক্সাৰ শিৱ থাপা। ৬৩ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত ৫-০ ব্যৱধানত উত্তৰ প্ৰদেশৰ অভিষেক যাদৱক পৰাস্ত কৰে। 

স্বৰ্ণপদকৰ বাবে হ’বলগীয়া আগন্তুক খেলখনত শিৱ থাপাৰ প্ৰতিদ্বন্দী হ’ব ছাৰ্ভিছেজৰ আকাশ। আকাশে ছেমিফাইনেলত অংকুশ দহীয়াক পৰাস্ত কৰে।    

Banner