শ্বেতা আগৰৱাল হত্যাকাণ্ড - ৩ আগষ্টত আদালতে ঘোষণা কৰিব শাস্তি
দৈনিক বাতৰি

শ্বেতা আগৰৱাল হত্যাকাণ্ড - ৩ আগষ্টত আদালতে ঘোষণা কৰিব শাস্তি

জিপ্লাছ ব্যুৰ’ | August 01, 2019 14:36 hrs

০১ আগষ্ট, গুৱাহাটী - চাঞ্চল্যকৰ স্বেতা আগৰৱাল হত্যাকাণ্ডত অভিযুক্ত গোবিন্দ সিংহাল, গোবিন্দৰ মাতৃ আৰু ভগ্নীৰ শাস্তিৰ ঘোষণা কৰা হ’ব দিন ৩ আগষ্টলৈ পিছুৱাই দিয়া হৈছে। উল্লেখ্য যে ইতিমধ্যেই তিনিওকে দোষী ঘোষণা কৰিছে আদালতে। উল্লেখ্য যে তিনিওৰে শাস্তিৰ বিধান দিয়াৰ কথা আচিল আজি।

আজি মেধাবী ছাত্ৰী শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত আদালতত শুনানি গ্ৰহণ কৰা হয়। ৩ আগষ্টৰ পুৱা ১০.৩০ বজাত শাস্তি ঘোষণা কৰিব সত্ৰ ন্যায়াধীশৰ আদালতে। আজি আদালতত শাস্তি সন্দৰ্ভত দুয়োপক্ষৰ শুনানি সম্পন্ন। ইতিমধ্যে হত্যা, অপৰাধমূলক কাৰ্যকলাপ আৰু, প্ৰমাণ নষ্ট কৰাৰ বাবে তিনিটাকৈ ধাৰা ক্ৰমে ৩০২, ২০১ আৰু ১২০(খ) ত দোষী সাব্যস্ত কৰা হৈছে তিনিওকে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক। নিজৰ ঘৰতে গোবিন্দই হত্যা কৰিছিল শ্বেতাক। গোবিন্দৰ বাসগৃহৰ বাথৰুমত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ। সিংঘালৰ মাতৃ আৰু ভগ্নীয়েও সহযোগ কৰিছিল হত্যাকাণ্ডত। আদালতে তিনিওকে দোষী সাব্যস্ত কৰাৰ পিছতে দোষীৰ ফাঁচিৰ দাবী তোলে শ্বেতাৰ পিতৃয়ে।

স্বেতা আগৰৱাল (ফাইল ফটো) | সোঁফালে গোবিন্দ সিংহাল