সিদ্ধেশ্বৰ দেৱালয় চুৰিকাণ্ড - সামগ্ৰীসহ চোৰ গ্ৰেপ্তাৰ

Tuesday, 25 February 2020

দৈনিক বাতৰি

সিদ্ধেশ্বৰ দেৱালয় চুৰিকাণ্ড - সামগ্ৰীসহ চোৰ গ্ৰেপ্তাৰ

জি প্লাছ নিউজডেস্ক | December 08, 2018 16:29 hrs

গুৱাহাটী - প্ৰায় দুসপ্তাহৰ মুৰকত আৰক্ষীৰ জালত পৰিল ঐতিহাসিক সিদ্ধেশ্বৰ দেৱালয়ৰ চুৰিকাণ্ডৰে জড়িত এটা চোৰ। বিগত ২৩ নৱেম্বৰত শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ত সংঘটিত চুৰিকাণ্ডৰ পিছৰে পৰা আৰক্ষীয়ে নেৰানেপেৰা অভিযান চলাই আছিল যদিও চুৰি সামগ্ৰীসহ ঘটনাৰ সৈতে জড়িত কোনো লোকৰে শুংসূত্ৰ উলিয়াব পৰা নাছিল। অৱশেষত শুৱালকুছি আৰক্ষীৰ জালত পৰিল ঘটনাৰে জড়িত এটা চোৰ।

ধৃত চোৰটো ফটিক কলিতা বুলি চিনাক্ত কৰা হৈছে। চোৰটোৰ লগতে উদ্ধাৰ হৈছে দেৱালয়ৰ পৰা চুৰি হোৱা বহু সামগ্ৰী। অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই চুৰি হোৱা প্ৰাচীন অষ্টধাতুৰ মূৰ্তি দুটা। তাৎপৰ্যপূৰ্ণ যে ধৃত ফটিক কলিতাই মূৰ্তি দুটা ব্ৰহ্মপুত্ৰত পেলাই দিয়া বুলি স্বীকাৰোক্তি দিছে। আৰু এই স্বীকাৰোক্তিৰ ভিত্তিতে মূৰ্তি দুটা বিচাৰি লুইতৰ বুকুত আৰক্ষীয়ে চলাইছে অভিযান। প্ৰসঙ্গক্ৰমে গুৱাহাটীৰ উজানবজাৰস্থিত উগ্ৰতাৰা দেৱালয়ৰ পৰা চুৰি হোৱা মূৰ্তিটোও ব্ৰহ্মপুত্ৰত পেলাই দিয়া বুলি স্বীকাৰোক্তি দিছিল ঘটনাৰ সৈতে জড়িত চোৰকেইটাই।

ইতিমধ্যে ধৃত চোৰ ফটিক কলিতাক ঘটনাস্থলীলৈ লৈ গৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে জেৰা অব্যাহত ৰাখিছে। জেৰাৰ অন্ততহে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব শুৱালকুছি আৰক্ষীয়ে।

সিদ্ধেশ্বৰ দেৱালয়ৰ চুৰিকাণ্ডৰ সৈতে জড়িত ফটিক কলিতা