গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সোণোৱালৰে গুৰুত্বপূৰ্ণ বৈঠক 

Wednesday, 20 November 2019

দৈনিক বাতৰি

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী, মুখ্যমন্ত্ৰী সোণোৱালৰে গুৰুত্বপূৰ্ণ বৈঠক

জিপ্লাছ ব্যুৰ’ | June 11, 2019 13:14 hrs

১১ জুন, গুৱাহাটী - গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ আজি গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় ৰেচম, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী। কিছু সময় পূৰ্বে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে মন্ত্ৰীগৰাকী।

বিমানবন্দৰত অসমৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলে স্মৃতি ইৰাণীক আদৰণি জনোৱাৰ পিছতেই বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা হৈছে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ। ইয়াতেই ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে মন্ত্ৰীগৰাকী। উল্লেখ্য যে  আন কেইবাটাও অনুষ্ঠানতো আজি মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব।

 

Banner

গুৱাহাটী বিমানবন্দৰত স্মৃতি ইৰাণী