People Of These Kamrup Villages Want To Merge With Meghalaya | Assamese News
দৈনিক বাতৰি

মেঘালয়ৰ লগত সংলগ্ন হোৱাৰ ভাবুকি কামৰূপৰ অসম-মেঘালয় সীমান্তৱৰ্তী কেইখনমান গাঁৱৰলোকৰ

জি প্লাছ নিউজ | September 19, 2020 18:29 hrs

গুৱাহাটীঃ দক্ষিণ কামৰূপৰ পলাশবাৰী বিধান সভা সমষ্টিৰ কেইখনমান গাঁৱৰলোকৰ মেঘালয়ৰ লগত সংলগ্ন হোৱাৰ ভাবুকি।


পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত  গৰুবন্ধা , বেচীমাৰি, দেৱানবিল,বৰগৰং,বা‌ঙ্গেলিবিলা,কটৰাবাৰী,শান্তিবিল আদি অঞ্চলৰ লোকসকলে নিজে সিদ্ধান্ত লৈছে মেঘালয়ৰ সৈতে চামিল হোৱাৰ। 


তেওঁলোকৰ অভিযোগ দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰ হলেও কোনো এখন চৰকাৰে দিয়া নাই গুৰুত্ব।  অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহৰ প্ৰতি অসম চৰকাৰৰ নিৰ্বিকাৰতা, পৰিণতিত মেঘালয়ে চলে বলে কৌশলে অব্যাহত ৰাখিছে আগ্ৰাসন।


জানিব পৰা মতে, যাতায়ত, শিক্ষা, খোৱা পানী, বিজুলী আদি বিভিন্ন সমস্যাৰে জৰ্জৰিত  এই অঞ্চল সমূহ। পৰিণতি শনিবাৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয়ত শীৰ্ঘে চামিল হম বুলি হুংকাৰ দিয়ে।


পলাশবাৰী বিজেপি বিধায়ক প্ৰণৱ কলিতাইও নিৰ্বিকাৰ হৈ থকাৰ বাবে সমাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে।


জি প্লাছে স্থানীয়  বিধায়ক  প্ৰণৱ কলিতাক যোগাযোগ কৰাৰ চেষ্টা কৰে যদিও তেওঁক যোগাযোগ কৰিব পৰা নগ’ল।

File Photo