৬০ বছৰ সম্পূর্ণ হ’লেহে অৱসৰ গ্ৰহণ কৰিব ৰাজ্যিক কর্মচাৰীয়ে
দৈনিক বাতৰি

৬০ বছৰ সম্পূর্ণ হ’লেহে অৱসৰ গ্ৰহণ কৰিব ৰাজ্যিক কর্মচাৰীয়ে

জিপ্লাছ ব্যুৰ’ | October 09, 2019 17:36 hrs

৯ অক্টোবৰ, গুৱাহাটী – ৩৩ বছৰ চাকৰি কাল সম্পূৰ্ণ হ’লেই আপোনাৰ চাকৰিকাল শেষ নহ’ব যদিহে আপোনাৰ ৬০ বছৰ হোৱা নাই। ৩৩ বছৰ চাকৰিকাল সম্পূৰ্ণ কৰাসকলৰ বাবে এতিয়া আৰু শংকাৰ কাৰণ নাই৷ ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলে বর্তমানৰ দৰে ৬০ বছৰ পূর্ণ হ’লেহে অৱসৰ লাভ কৰিব৷ 

উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী বিভাগৰ সূত্রৰ এক উদ্ধৃতি দি একাংশ সংবাদ মাধ্যমৰ লগতে কর্মচাৰী সমাজৰ মাজত ৩৩ বছৰ চাকৰি সম্পূর্ণ হ’লেই অৱসৰ গ্রহণ কৰিব লাগিব বুলি ব্যাপকভাৱে চর্চিত হৈছিল যদিও বিষয়টো সম্পর্কত ৰাজ্যৰ পেঞ্চন আৰু ৰাজহুৱা বিভাগ অৱগত নহয় বুলি স্পষ্ট কৰিছে৷ একাংশ সংবাদ মাধ্যম আৰু কর্মচাৰী সমাজৰ মাজত হোৱা অনুসৰি কোনো এজনে যদি ২২ বছৰ বয়সত চৰকাৰী চাকৰিত সোমায়, তেওঁ ৩৩ বছৰ অর্থাৎ ৫৫ বছৰ বয়সতে অৱসৰ ল’ব লাগিব৷

কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কর্মচাৰীৰ অৱসৰৰ বয়স ৬০ বছৰ৷ তেনেক্ষেত্রত ৬০ বছৰ সম্পূর্ণ নহওঁতে অৱসৰ ল’ব লাগিব বুলি কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী বিভাগৰ সূত্রৰ উদ্ধৃতি দি প্রকাশিত বাতৰিয়ে বিশেষকৈ কম বয়সত চাকৰিত যোগদান কৰা কর্মচাৰীসকলক হতাশ কৰি তুলিছিল৷

অৱসৰৰ নতুন নিয়ম সম্পর্কত কেন্দ্রীয় চৰকাৰৰ পৰা কোনো নির্দেশনা ৰাজ্য চৰকাৰে লাভ কৰা নাই বুলি স্পষ্ট কৰি দিছে ৰাজ্যৰ পেঞ্চন আৰু ৰাজহুৱা আপত্তি বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে বিষয়টো সম্পর্কত কেন্দ্রীয় চৰকাৰৰ পৰা কোনো ধৰণৰ বিভাগীয় নির্দেশনা ৰাজ্য চৰকাৰলৈ অহা নাই।

Banner