৯ এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব সম্পূৰ্ণ বেতন  
দৈনিক বাতৰি

৯ এপ্ৰিলৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব সম্পূৰ্ণ বেতন  

জিপ্লাছ নিউজ ডেস্ক | April 04, 2020 16:19 hrs

৪ এপ্ৰিল, গুৱাহাটীঃ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ সন্দৰ্ভত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। অহা ৯ এপ্ৰিলৰ চৰকাৰী কৰ্মচাৰীসকলে সম্পূৰ্ণ বেতন লাভ কৰিব। আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা  কৰে। 

তেওঁ লগতে কয় যে প্ৰত্যেকগৰাকী চৰকাৰী কৰ্মচাৰীৰ ১ দিনৰ দৰমহা কৰোনা ভাইৰাছৰ সাহায্য পুঁজিলৈ অৱদান হিচাপে কৰ্তন কৰা হ'ব। যদিহে কোনো কৰ্মচাৰীয়ে এই ব্যৱস্থাত আপত্তি কৰে , তেওঁক সেই টকা পুনৰ ঘূৰাই দিয়া হ'ব।

লগতে ৰাজ্যৰ অৰ্থনীতিৰ সম্পৰ্কত কয় - "বৰ্তমান সময়ত ৰাজ্যৰ অৰ্থনীতি তেনেই দুৰ্বল। মাৰ্চ মাহৰ শেষৰ পৰা চৰকাৰে কোনো ধৰণৰ টেক্স সংগ্ৰহ কৰিব পৰা নাই। এই সময়ছোৱাত অন্যান্য ৰাজ্যসমূহত চৰকাৰে প্ৰত্যেকগৰাকী চৰকাৰী কৰ্মচাৰীৰ প্ৰায় ৫০ শতাংশ দৰমহা কৰ্তন কৰিছে। তেনেক্ষেত্ৰত অসম চৰকাৰে তেনেকুৱা একো ব্যৱস্থাই লোৱা নাই। আমি কেৱল কৰ্মচাৰীসমূহে চৰকাৰক এই সময়ছোৱাত সহায় সহযোগিতা আগবঢ়াটো কামনা কৰিছো।" 

উল্লেখ্য যে ৰাজ্যত প্ৰায় ৫ লক্ষাধিক চৰাকীৰ কৰ্মচাৰী আছে।যদি ইয়াৰে প্ৰত্যেকগৰাকী কৰ্মচাৰীয়ে ৫ টাকৈ পৰিয়ালকো সহায় কৰে তেনেহ'লে  ৰাজ্যত ২৫ লাখ পৰিয়াল উপকৃত হ'ব। লগতে মন্ত্ৰীগৰাকীয়ে এই সন্ধিক্ষণত ৰাজ্যবাসাীক বিহুৰ নামত উলমে মালহে পাৰ্টি নকৰি অসহায় লোকসকলক সহায় কৰিবলৈ আহ্বান জনায়।