খেলো ইণ্ডিয়াত পদক লাভ কৰা অসমৰ খেলুৱৈক পুৰস্কৃত কৰিব অসম চৰকাৰে

Thursday, 27 February 2020

দৈনিক বাতৰি

খেলো ইণ্ডিয়াত পদক লাভ কৰা অসমৰ খেলুৱৈক পুৰস্কৃত কৰিব অসম চৰকাৰে

জিপ্লাছ | January 11, 2020 11:43 hrs

১১ জানুৱাৰী, গুৱাহাটী -   খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২০ ত অসমৰ হৈ পদক জয় কৰা প্ৰতিগৰাকী খেলুৱৈকে নগদ ধনেৰে পুৰস্কৃত কৰিব অসম চৰকাৰে।

প্ৰাপ্ত তথ্য অনুসৰি, এই খেলো ইণ্ডিয়া য়ুথ গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰতিগৰাকী খেলুৱৈয়ে ১ লাখকৈ টকা লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক লাভ কৰা খেলুৱৈসকলে লাভ কৰিব ৭৫ হেজাৰকৈ টকা। ইফালে ব্ৰঞ্জৰ পদক জয়ী খেলুৱৈসকলে লাভ কৰিব ৫০,০০০ টকা।

উল্লেখ্য যে অসমৰ হৈ জিমনাষ্ট উপাসা তালুকদাৰে ইতিমধ্যেই অসমলৈ কঢ়িয়াইছে দুটাকৈ ব্ৰঞ্জৰ পদক। কালি ৰাজ্যৰ হৈ প্ৰথমটো ব্ৰঞ্জৰ পদক জয় কৰা উপাসাই আজিও পুৱাতেই কঢ়িয়াই আনে দ্বিতীয়টো ব্ৰঞ্জৰ পদক।

স্মৰ্তব্য যে সমগ্ৰ দেশৰ ৩৭ খন ৰাজ্য ৬,৪৫৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে  এই ৩য় খেলো ইণ্ডিয়া য়ুথ গেমছ, ২০২০ ত।