উপ-পৰিদৰ্শক ভাস্কৰ কলিতালৈ মৰণোত্তৰভাৱে আৰক্ষীৰ সাহসিকতাৰ বঁটা
দৈনিক বাতৰি

উপ-পৰিদৰ্শক ভাস্কৰ কলিতালৈ মৰণোত্তৰভাৱে আৰক্ষীৰ সাহসিকতাৰ বঁটা

জিপ্লাছ ব্যুৰ’ | August 14, 2019 14:52 hrs

১৪ আগষ্ট, গুৱাহাটী - তিনিচুকীয়াৰ বৰডুমছাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপ-পৰিদৰ্শক প্ৰয়াত ভাস্কৰ কলিতালৈ কাইলৈ অৰ্থাৎ স্বাধীনতা দিৱসত আগবঢ়োৱা হ’ব আৰক্ষীৰ সাহসিকতা বঁটা।

উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাতে ২০১৮ চনৰ জুলাই মাহত নিষিদ্ধ ঘোষিত আলফাৰ সৈতে হোৱা এক গুলীয়াগুলীত প্ৰাণ হেৰুৱাইছিল সাহসী আৰু সৎ আৰক্ষী বিষয়া ভাস্কৰ কলিতাই।

Banner

প্ৰয়াত ভাস্কৰ কলিতা