গুৱাহাটীত চাৰ্ভিছ পিষ্টল হেৰাল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ 

Tuesday, 25 February 2020

দৈনিক বাতৰি

গুৱাহাটীত চাৰ্ভিছ পিষ্টল হেৰাল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ 

জি প্লাছ নিউজডেস্ক | December 08, 2018 15:09 hrs

গুৱাহাটী - পঞ্চায়ত নিৰ্বাচনৰ সুৰক্ষাৰ দায়িত্ব চম্ভালি থাকোতেই চাৰ্ভিছ পিষ্টল হেৰাল অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকৰ। ৰহস্যজনকভাৱে আৰক্ষীবিষয়াজনে কৰ্তব্যৰত অৱস্থাত থাকোতেই তেওঁৰ কাৰ্ট্ৰিজভৰ্তি নাইন এম এম পিষ্টলটো হেৰায়। জানিব পৰামতে, কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত কৰ্তব্যৰত আছিল আৰক্ষী বিষয়াজন।

বিষয়াজন চানমাৰি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ৰাম ৰৌটিয়া বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি বিষয়াজনে ৫ তাৰিখতে পিষ্টলটো হেৰুৱায় যদিও ৬ ডিচেম্বৰতহে এই কতা জানিব পাৰে। অৱশ্যে ঘটনা সন্দৰ্ভত ততালিকে উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে সমগ্ৰ ঘটনা। এই পৰ্যন্ত পিষ্টলটোৰ কোনো শুংসূত্ৰ পোৱা নাই।

প্ৰতিনিধিত্বমূলক ফটো