মহানগৰীত কৰ’না ভাইৰাছৰ সন্ত্ৰাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি এগৰাকী ছাত্ৰী

Monday, 30 March 2020

দৈনিক বাতৰি

মহানগৰীত কৰ’না ভাইৰাছৰ সন্ত্ৰাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি এগৰাকী ছাত্ৰী

| February 14, 2020 10:47 hrs

১৪ ফেব্ৰুৱাৰী, গুৱাহাটী : সমগ্ৰ বিশ্বজুৰি কৰ’না ভাইৰাছৰ আতংক শেষ নহওঁতেই মহানগৰীত এগৰাকী সন্দেহযুক্ত কৰ’না ভাইৰাছৰ আতংকিত ৰোগী  চিনাক্ত কৰে। যোৱা ৬ ফেব্ৰুৱাৰীত  চীনত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰী ঘৰলৈ আহি থকা অৱস্থাত গুৱাহাটী বিমান বন্দৰত ছাত্ৰীগৰাকীৰ শৰীৰত প্ৰাণঘাতক ভাইৰাছৰ উপস্থিতি সন্দেহ কৰে। 

লগে লগে ছাত্ৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ এক আছুতীয়া কক্ষত ভৰ্তি কৰে। চিকিৎসক সকলে ছাত্ৰীগৰাকীক চিকিৎসা  কৰি আছে যদিও ছাত্ৰীগৰাকীৰ শৰীৰত এই পৰ্যন্ত ভাইৰাছ ধৰা পৰা নাই।