ক’ভিড-১৯ ৰ প্ৰস্তুতি - অস্থায়ী চিকিৎসালয়, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ প্ৰশিক্ষণেৰে সাজু হৈছে অসম

Wednesday, 01 April 2020

দৈনিক বাতৰি

ক’ভিড-১৯ ৰ প্ৰস্তুতি - অস্থায়ী চিকিৎসালয়, চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ প্ৰশিক্ষণেৰে সাজু হৈছে অসম

জিপ্লাছ | March 26, 2020 10:28 hrs

২৬ মাৰ্চ, গুৱাহাটী - আজি সৰুসজাই ষ্টেডিয়ামৰ পৰা এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে কেনেদৰে সতৰ্কতা অৱলম্বন কৰাৰ উপৰি কেনেদৰে প্ৰস্তুতি চলাইছে তাৰ এক খতিয়ান দাঙি ধৰে।

ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত আছুতীয়াকৈ ৰোগী ৰখাৰ বাবে সাজু কৰি তোলা ১০০০ খন বিচনা তথা আনুষঙ্গিক চিকিৎসা ব্যৱস্থাৰ বুজ ল’বলৈ উক্তস্থানত উপস্থিত হৈ মন্ত্ৰী ড. শৰ্মাই কয় যে এই ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ যথেষ্ট সংখ্যক চিকিৎসা কৰ্মীৰ প্ৰয়োজন হ’ব, আৰু তাৰেই প্ৰস্তুতি হিচাপে ৰাজ্যত চিকিৎসা বিজ্ঞানৰ স্নাতক চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলক আৰু অন্যান্য নাৰ্ছিং পাঠ্যক্ৰমত অধ্য়য়নৰত শিক্ষাৰ্থীসকলক সাজু কৰি তোলা হৈছে।

তেওঁ লগতে কয়, “পৰৱৰ্তী কেইদিনমানৰ ভিতৰতেই এইসকল শিক্ষাৰ্থীক যাৱতীয় প্ৰশিক্ষণো প্ৰদান কৰা হ’ব।” ইতিমধ্যে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ ৱাৰ্ডেন পদৰ বাবে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল তথা পৰীক্ষা প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈছিল, সেই পৰীক্ষাৰ ফলাফলসমূহ অহা ৪৮ ঘণ্টাৰ ভিতৰতেই ঘোষণা কৰা হ’ব যাতে ৰাজ্যত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা কৰ্মী থাকে।

যিবোৰ স্থানত চৰকাৰী চিকিৎসালয় নাই তেনে স্থানত এল এণ্ড টিৰ দ্বাৰা অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কামো প্ৰায় শেষ কৰা হৈছে। এই চিকিৎসালয়সমূহক সম্পূৰ্ণভাৱে ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ বাবে ব্যৱহাৰ কৰা হ’ব।

ইফালে সৰুসজাই ষ্টেডিয়ামৰ সমীপতে একেলগে ২০০ গৰাকী চিকিৎসকে বসবাস কৰিব পৰাকৈ এটা এপাৰ্টমেণ্ট ভাড়ালৈ লৈছে ৰাজ্য চৰকাৰে। যদিহে ক’ৰোনাৰ পৰিস্থিতি অধিক বিষম হয় তেন্তে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা চিকিৎসক আনি ইয়াতেই ৰখাৰ ব্যৱস্থা কৰা হ’ব।