মোদী মন্ত্ৰীসভাত অৰুণ জেটলীৰ স্থান পূৰ কৰিব থাৱৰ চান্দ গেহলটে

Tuesday, 17 September 2019

দৈনিক বাতৰি

মোদী মন্ত্ৰীসভাত অৰুণ জেটলীৰ স্থান পূৰ কৰিব থাৱৰ চান্দ গেহলটে

জিপ্লাছ ব্যুৰ’ | June 12, 2019 12:49 hrs

গুৱাহাটী - কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ মন্ত্ৰী থাৱৰ চান্দ গেহলটক ৰাজ্যসভাৰ শাসকীয় দলৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে ভাৰতীয় জনতা দলৰ নেতা অৰুণ জেটলীৰ স্থানত ৰাজ্যসভাত শাসকীয় দলটোক নেতৃত্ব দিব গেহলটে।  ইতিমধ্যেই স্বাস্থ্যজনিত কাৰণত মন্ত্ৰীসভাত সন্নিৱিষ্ট নকৰিবৰ বাবে অনুৰোধ জনাইছিল অৰুণ জেটলীয়ে। 

এতিয়াৰে পৰা ৰাজ্যসভাত শাসকীয় দলৰ নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষৰ স্থানত বহিব মন্ত্ৰী গেহলটে।

স্মৰ্তব্য যে মধ্যপ্ৰদেশৰ ছাজাপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল গেহলট।

Banner

অৰুণ জেটলী (বাওঁফালে), অৰুণ গেহলট