অসমত মৃত্যুৰ বিভীষিকাঃ  বানপানী- ৩৩, ভূমিস্খলন-২৫, ক’ভিড ১৯- ১২ 
দৈনিক বাতৰি

অসমত মৃত্যুৰ বিভীষিকাঃ  বানপানী- ৩৩, ভূমিস্খলন-২৫, ক’ভিড ১৯- ১২ 

জিপ্লাছ নিউজ ডেস্ক | July 02, 2020 11:21 hrs

২ জুলাই, গুৱাহাটী: ৰাজ্যত মৃত্যুৰ কিৰিলি। ৰাজ্যত অব্যাহত আছে মৃত্যুৰ বিভীষিকা। দেশজুৰি কৰ’ণা আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি হোৱাৰ মাজতে বানপানী আৰু ভূমিস্খলনত সৰ্বাস্বান্ত হৈছে ৰাজ্যবাসী। 

প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যত সম্প্ৰতি ঘাতক ৰূপে দেখা দিয়া  বানপানীত ৩৩ গৰাকী , ভূমিস্খলনত ২৫ আৰু ক’ভিড ১৯ত ১২ গৰাকী লোক মৃত্যুৰ মুখত পৰিছে। 

বিগত কেবাদিনো  নেৰা নেপেৰা বৰষুণ পৰি থকাৰ ফলত  ৰাজ্যৰ অধিকাংশ জিলাই বানৰ কবলত বুৰ গৈছে লগতে সমগ্ৰ ৰাজ্যৰ কেবাঠাইতো ভূমিস্খলন হৈছে। অসম দুৰ্যোগ ব্যৱস্থাপনাৰ এক তথ্য অনুসৰি ভূমিস্খলনৰ ফলত এতিয়ালৈ ২৫ জন লোকৰ মৃত্যু হৈছে। 


আনহাতে ৰাজ্যৰ ১৫ লক্ষাধিকতকৈ অধিক লোক বানৰ কবলত পৰিছে আৰু ৩৩ গৰাকী লোক মৃত্যুক আকোৱালি লৈছে। শেহতীয়া অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ২১ খন জিলাত প্ৰায় ১৫ হাজাৰ গৃহহীন লোকে ২৫৪ টাকৈ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে।  ইয়াৰোপৰি ৮৭,হাজাৰ হেক্টৰ খেতিপথাৰ পানীৰ তলত আছে।  ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে ক্ৰমাৎ নৈ উপনৈসমূহৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ বাবে ৰাজ্যজুৰি সতৰ্কতা  জাৰি কৰিছে। 

ইফালে ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যজুৰি ক্ৰমাৎ ক্ষিপ্ৰগতিত সংক্ৰমণ  হৈছে কৰ’ণা ভাইৰাছ। গুৱাহাটী মহানগৰীত দিনক দিনে কৰ’ণা ভাইৰাছে জটিল ৰূপ ধাৰণ কৰা বুলি কালি এক সংবাদমেলযোগে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ মতে ২৮ জুনৰ পৰা ১ জুলাইৰ পৰ্যন্ত ভয়াবহ দিশে গতি কৰিছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানগৰীত গণসংক্ৰমৰ ফলত ভয়াবহভাৱে বৃদ্ধি হৈছে কৰ’ণা পজিটিভ ৰোগীৰ সংখ্যা। 

ৰাজ্যত সম্প্ৰতি কৰ’ণা আক্ৰান্ত সংখ্যা প্ৰায় ৯০০০ ঘৰ চোৱাৰ পথত। আনহাতে ৰাজ্যত আৰোগ্যৰ সংখ্যা ৫,৮০০ আৰু মৃতকৰ সংখ্যা ১২ গৰাকী।