উত্তৰ প্ৰদেশত গঞাই নৃশংসভাৱে হত্যা কৰিলে এজনী বাঘিনীক

Wednesday, 19 February 2020

দৈনিক বাতৰি

উত্তৰ প্ৰদেশত গঞাই নৃশংসভাৱে হত্যা কৰিলে এজনী বাঘিনীক

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 11:08 hrs

২৭ জুলাই, গুৱাহাটী : উত্তৰ প্ৰদেশৰ পিলিভিট ব্যাঘ্ৰ প্ৰকল্পৰ অধীনৰ এখন গাৱঁত গঞাৰ প্ৰহাৰত এজনী বাঘিনীয়ে শেষ নিশা মৃত্যুমুখত পৰে। ব্যাঘ প্ৰকল্পৰ সঞ্চালকপ্ৰধান ৰাজ মোহনে সদৰী কৰামতে মৃত বাঘজনীৰ বয়স ৫ বছৰ আছিল। 

বন বিভাগে এই ঘটানীৰ লগত জড়িত থকা ৪৩ জন লোকৰ বিৰুদ্ধে বন্যপ্ৰাণীৰ বিৰুদ্ধে হিংস্ৰতা প্ৰতিৰোধ আইন-১৯৬০ ৰ অধীনত গোচৰ ৰুজু কৰিছে। বন বিভাগে এজাহাৰত ৩১ গৰাকী অভিযুক্তৰ নাম উল্লেখ কৰিছে। 

বাঘিনীজনীৰ মৃতদেহ আজি পুৱা উদ্ধাৰ কৰা হয়। গঞাৰ প্ৰহাৰত বাঘিনীজনীৰ হাড় - মুৰ চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে দেহৰ প্ৰায়ভাগ অংশত যাঠিৰ দৰে চোকা অস্ত্ৰৰ আঘাতৰ চিন পাইছে। 

আক্ৰমণৰ তিনি ঘণ্টাৰ পাছতেই ঘটনীস্থলীত বন বিভাগৰ লোক আহি উপস্থিত হয় যদিও বাঘিনীজনীয়ে সেই ঠাইৰ পৰা চুঁচৰি আন ঠাইলৈ যায়। বন বিভাগে গুৰুতৰভাৱে আহত বাঘিনীজনীক চিকিৎসা আগবঢ়াবলৈ চেষ্টা কৰিছিল। কিন্তু চিকিৎসাৰ পূৰ্বেই  মৃত্যু হয় বাঘিনীজনীৰ।