আজি প্ৰেমৰ দিৱস, মিৰি জিয়ৰীয়ে প্ৰাণ পায় ইতিহাসৰ পাতত

Monday, 30 March 2020

দৈনিক বাতৰি

আজি প্ৰেমৰ দিৱস, মিৰি জিয়ৰীয়ে প্ৰাণ পায় ইতিহাসৰ পাতত

জিপ্লাছ নিউজ ডেস্ক | February 14, 2020 14:12 hrs

১৪ ফেব্ৰুৱাৰী , গুৱাহাটী : ‘ঐ পানেই, ৰিবি গাছেংখন কেতিয়া দিবি অই?’ 

আজি প্ৰেমৰ দিৱস। সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় এই প্ৰেমৰ দিৱস। কোনোৱে কয় প্ৰেম হেনো শাশ্বত, প্ৰেমৰ বাবে বিশেষ দিনৰ প্ৰয়োজন আছে জানো? আকৌ কোনোৱে কয় তুমি কাষত থকা মানেই সদায়েই ভেলেণ্টাইন ডে’।

ভালপোৱা ব্যক্ত কিৰবলৈ প্ৰিয়জনৰ হাতত কোনোবাই গুজি দিব এপাহি ৰঙা গোলাপ,ভালপোৱাৰ সংজ্ঞা দিয়া এখন কাৰ্ড, এটা টেডী বিয়েৰ অথবা এসোপামান চকলেট।  কোনোবাই মৰমৰ আলিংগনেৰে বান্ধ খাব প্ৰেমৰ বান্ধোনত। আজি মুঠতে আকাশে বতাহে প্ৰেম। 

প্ৰবাদমতে চেইণ্ট ভেলেণ্টাইনৰ মৃত্যুৰ দিৱসটোক সৰোগত কৰি এই বিশেষ দিনটো উদযাপন কৰে। মৃত্যুৰ আগমূহুৰ্তত ভেলেণ্টাইনে জুলিয়ালৈ লিখা চিঠিখন ১৪ ফেব্ৰুৱাৰীৰ দিনটোত জুলিয়াই লাভ কৰিছিল।  খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰাই প্ৰতিটো ১৪ ফেব্ৰুৱাৰীক বিশ্বজুৰি প্ৰেমৰ দিৱস হিচাপে পালন কৰে। 

আজি  বিশেষ দিনটোত পুনৰ বুৰঞ্জীৰ ইতিহাসত  প্ৰাণ পায় জয়মতী গদাপানিৰ প্ৰেমৰ নিশ্বাৰ্থ ইতিহাস, মিৰি জিয়ৰীৰ প্ৰেমৰ জীৱন্ত গাথাঁ। ল’ৰা ৰজাৰ স্বৈৰাচ্ছাৰী শাসনৰ  প্ৰকোপত গদাপানিৰ প্ৰাণ ৰক্ষাৰ স্বাৰ্থত জেৰেঙা পথাৰত জীৱন আহুতি দিছিল সতী জয়মতীয়ে।

আনহাতে ১৮৯৪ চনত মিছিং জনসমাজৰ আধাৰত জংকী পানৈৰ এক জীৱন্ত কাহিনী।  জঙ্কি আৰু পানেই  শৈশৱ কালৰ খেলাৰ লগৰী, দুয়োজন ডাঙৰ হোৱাৰ পাছত প্ৰেমত পৰে আৰু বিয়া পাতিবলৈ মনস্থ কৰে। কিন্তু পানেইৰ মাক-দেউতাকে তাইৰ বিয়া গাঁৱৰে ডেকা কমুদৰ লগত ঠিক কৰে। অৱশেষত জংকী আৰু পানেইৰ প্ৰণয়ৰ পৰিনতিত মৃ্ত্যুক সাৱটি ল’বলগীয়া হয়। 

এয়াই প্ৰেম, প্ৰেমে কথা কয়, প্ৰেমত বুৰ যায় দুখনি হিয়া, প্ৰেমৰ সকলোতকৈ ধুনীয়া। প্ৰেমৰ এই বিশেষ দিনটোত সকলোলৈ বহুত শুভেচ্ছা।