কাইলৈ সৰুসজাইত ফিল্মফেয়াৰ - কোনবোৰ পথেৰে চলিব গুৱাহাটীৰ যান-বাহন

Friday, 28 February 2020

দৈনিক বাতৰি

কাইলৈ সৰুসজাইত ফিল্মফেয়াৰ - কোনবোৰ পথেৰে চলিব গুৱাহাটীৰ যান-বাহন

জিপ্লাছ | February 14, 2020 13:21 hrs

গুৱাহাটী - কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ’গব ৬৫ তম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষঅঠান। ইতিমধ্যেই গুৱাহাটীত আহি ভিৰ কৰিছেহি বলীউদৰ বহু তাৰকা মহাতাৰকা। কাইলৈ এই বাবেই যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱাটো নিশ্চিত। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে যান-বাহন নিৰ্দেশনাৰ ক্ষেত্ৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে -  

1. বৈধ ‘কাৰ পাছ’ থকা লোকসকলেহে বাহনসহ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। ইতিমধ্যে আয়োজকসকলে এই কাৰ পাছ বিতৰণ কৰিছে।

2. ইয়াৰ বাহিৰে বাকী সকলো লোকেই ৰংমন পইণ্টত গাড়ীৰ পৰা নামিব লাগিব আৰু মুখ্য স্থলীলৈ খোজকাঢ়ি যাব লাগিব।

3. মূল ষ্টেডিয়ামৰ বাহিৰত ২৭ টাকৈ পাৰ্কিং স্থান চিনাক্ত কৰা হৈছে। লখৰা দিশৰ পৰা অহা বাহনসমূহে যাত্ৰীসকলক চাৰ্ভিছ ৰোডত নমাই পাৰ্কিংৰ বাবে বেহাৰবাৰীলৈ যাব লাগিব। ঠিক তেনেদৰে খানাপাৰা দিশৰ পৰা অহা বাহনসমূহে পাৰ্কিংৰ বাবে যাব লাগিব লখৰা দিশে। পাৰ্কিংৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীয়ে আগবঢ়াব সহায়।

4. সকলো দৰ্শকেই 1A, 1B আৰু 1C নং গেটেৰে প্ৰৱেশ কৰিব লাগিব

5. সাউকুছিৰ পৰা হকী ষ্টেডিয়ামৰ পথটোৰে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে স্থানীয় লোক, আৰক্ষী প্ৰশাসন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ বাবে মুকলি থাকিব। 

উল্লেখ্য যে সকলো দৰ্শকেই দিনৰ ৩.৪৫ বজাৰ পূৰ্বেই প্ৰৱেশ কৰিব লাগিব।

 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Sourav

    Dont worry Sir, we are already expecting a long traffic jam on the national highway. Guwahati will get the award of worst traffic system in the India.