অসমত বৃদ্ধি পাইছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ
দৈনিক বাতৰি

অসমত বৃদ্ধি পাইছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ

জিপ্লাছ নিউজ ডেস্ক | January 11, 2020 12:50 hrs

১১ জানুৱাৰী, গুৱাহাটী : কাশ্মীৰকো পিছ পেলাই  ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ। বিগত দুই বছৰৰ পৰা ৰাজ্যখনত ৰাজ্যখনত অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাৰ ভয়ানক তথ্যৰ কথা পোহৰলৈ আহে। 

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰৰ শেহতীয়া প্ৰতিবেদন মতে দেশৰ ভিতৰতে অসমত  সৰ্বাধিক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। বিগত ২০১৮ বৰ্ষত অসমত মুঠ  ১৭ টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰত মুঠ ২৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছেল। 

 লগতে নাৰীজনিত অপৰাধ তথা বলাৎকাৰ কৰি হত্যা কৰাৰ তালিকাটো দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে অসমে। আনহাতে বে-আইনী কাৰ্য-কলাপতো মুঠ ৩০৮ টা গোচৰ ৰুজুৰে দেশৰ ভিতৰত শীৰ্ষস্থানত আছে অসম। উক্ত বৰ্ষতে বলাৎকাৰ কৰি হত্যা সন্দৰ্ভত ৬৬ টা গোচৰ ৰুজু হৈছে। 

স্মৰ্তব্য যে অসমত ১৭ টা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হোৱাৰ বিপৰীতে কাশ্মীৰত এই সংখ্যা হৈছে ১২ টা। ইয়াৰ পাছতেই কেৰেলাত ৯ টা আৰু মণিপুৰত ৪ টা গোচৰ ৰুজু কৰা হৈছে।