দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ অনিয়মত কোষাগাৰ বিষয়া তবজুল হুছেইনক নিলম্বন

Wednesday, 01 April 2020

দৈনিক বাতৰি

দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ অনিয়মত কোষাগাৰ বিষয়া তবজুল হুছেইনক নিলম্বন

জিপ্লাছ ব্যুৰ’ | July 26, 2019 12:53 hrs

২৬ জুলাই, গুৱাহাটী : দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ লেনদেনত বুধবাৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক এছ জগন্নাথে নিউ গুৱাহাটীৰ কোষাগাৰ বিষয়া তবজুল হুছেইনক নিলম্বন কৰে। 

প্ৰতিবন্ধী সুৰক্ষা সমিতি অসমে যোৱা ২১ মে’ ২০১৯ তাৰিখে ২৫০ গৰাকী প্ৰতিবন্ধী ব্যক্তিক লৈ নৃপেন মালাকাৰৰ নেতৃত্বত দিব্যাংগৰ নামত অহা কোটি কোটি টকাৰ বিলৰ য়ুজাৰ আই ডি আৰু পাছৱৰ্ড  অধিকাৰ নথকা ব্যক্তিৰ হাতত শ্বেয়াৰ কৰাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে। 

উল্লেখ্য যে যোৱা ১০ জানুৱাৰী ২০১৯ তাৰিখে মুখ্য মন্ত্ৰীয়ে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি উদ্বোধন কৰিছিল। এই আচঁনিৰ ধন যোৱা মাৰ্চ মাহৰ ১২ তাৰিখে বিল নং ৩৭৫, ৩৯৫ আৰু ৪১০ যোগে মুঠ ২৯ কোটি ৫৪লাখ ৬০ হাজাৰ টকা সমাজ কল্যাণ বিভাগে  নিউ গুৱাহাটী কোষাগাৰলৈ প্ৰেৰণ কৰিছিল। উক্ত ধন ৩১ মাৰ্চ তাৰিখে বেংকলৈ প্ৰেৰণ কৰিব লাগিছিল । কিন্তু  বিষয়াৰ হেমাহিৰ বাবেই বৰ্তমানলৈকে  ২৪,৬১৭ গৰাকী প্ৰতিবন্ধীয়ে এতিয়াও এই আচঁনিক লৈ অনিশ্চয়তাত ভুগি আছে।

এই সন্দৰ্ভত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই চানমাৰি থানাৰ আৰক্ষী বিষয়াক প্ৰতিবাদস্থলীতে কোষাগাৰ বিষয়া তবজুল হুছেইনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল।


প্ৰতিবন্ধী সুৰক্ষা সমিতি অসমৰ সম্পাদক নৃপেন মালাকাৰে অতি সোনকালে দিব্যাংগ সকলে ন্যায় পোৱাৰ আশাৰে চৰকাৰলৈ আহ্বান জনায়।
(উৎস - এন ই নাও)