প্ৰেমিকৰ ওপৰত এচিড আক্ৰমণ কৰি ১৫ দিনৰ বাবে হাজোতত প্ৰেমিকা
দৈনিক বাতৰি

প্ৰেমিকৰ ওপৰত এচিড আক্ৰমণ কৰি ১৫ দিনৰ বাবে হাজোতত প্ৰেমিকা - G Plus

জি প্লাছ নিউজ | October 29, 2020 17:55 hrs


ত্ৰিপুৰা আগৰতলাৰ এগৰাকী মহিলাই, তেওঁক বিয়া পাতিবলৈ অস্বীকাৰ কৰাৰ বাবে নিজৰে প্ৰেমিকৰ ওপৰত এচিড চটিয়াই আঘাত হনাৰ অভিযোগ উঠে।


“এচিডে ব্যক্তিজনৰ সন্মুখভাগত আঘাত হানে”, খোৱাইৰ এজন সূত্ৰই জি প্লাছক জনায়।


খোৱাই জিলা ন্যায়ালয়ে মহিলা গৰাকীক ১৫ দিনীয়া কাৰাদণ্ড বিহাৰ আদেশ দিয়ে।


প্ৰতিবেদন মতে, ভুক্তভোগীক ইতিমধ্যে আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰোৱা হয়। তেওঁ লগতে শ্বাস-প্ৰশ্বাস জনিত আঘাততো ভুগিছে।