গুৱাহাটীত ধৃত দুই এটিএম হেকাৰ
দৈনিক বাতৰি

গুৱাহাটীত ধৃত দুই এটিএম হেকাৰ

জিপ্লাছ ব্যুৰ’ | December 03, 2019 14:19 hrs

গুৱাহাটী - গুৱাহাটীত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা এটিএম হেকিংৰ ঘটনাৰ পিছতেই আজি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ এটিএম হেকাৰক। গুৱাহাটীৰ মঠঘৰীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুয়োটা হেকাৰক।

প্ৰাপ্ত তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা হেকাৰ দুটাৰ নাম ক্ৰমে ফখৰুদ্দিন আৰু শ্বামিম। হাৰিয়ানাৰ ছিকাৰপুৰৰ পৰা অহা দুয়োটা হেকাৰৰ পৰা ৩০ খনকৈ এটিএম কাৰ্ড আৰু দুখন চেক জব্দ কৰা হৈছে।

ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা আৰম্ভ কৰিছে। গীতানগৰ আৰক্ষী থানাত দুয়োৰে বিৰুদ্ধে c/no 543/19 u/s 420/379/511 IPC নম্বৰত গোচৰ ৰুজু কৰা হৈছে।