দুজন বন্ধুৰ নতুন এখন দোকান, নাম ‘ও মাগো তুৰু লাভ’
দৈনিক বাতৰি

দুজন বন্ধুৰ নতুন এখন দোকান, নাম ‘ও মাগো তুৰু লাভ’ - G Plus Assam

জি প্লাছ নিউজ | October 23, 2020 14:44 hrs

পশ্চিম বংগৰ দুজন লোকে এখন নতুন চাহৰ দোকান খোলে সদ্যহতে ভাইৰেল হোৱা “ও মাগো তুৰু লাভ” নামেৰে।


দোকানখন কলকাতাৰ সমীপৱৰ্তী বাৰাসাটৰ ওচৰত। জয়ন্ত বাক্সি আৰু দেৱাশীষ ৰায় এই ব্যৱসায়ত জড়িত দুজন সহযোগী।


তেওঁলোকে বহু আগৰে পৰা এখন দোকান খোলাৰ সপোন পুহি ৰাখিছিল যদিও দোকানখনৰ নামটো ফেচবুকৰ ভাইৰেল মীমৰ পৰা লোৱা হৈছে।


“আমি বহু দিনৰ আগৰ পৰাই ব্যৱসায়টো আৰম্ভ কৰাৰ কথা ভাবি আছিলো কিন্তু নামটো মীমটো চাইহে ঠিক কৰিছিলো।” জয়ন্তয়ে জি প্লাছক জনায়।


চাহৰ দোকানখন বৃহস্পতি বাৰ, ২২ অক্টোবৰত খোলা হয় য’ত বিশেষভাৱে মালাই চাহ আৰু চকলেট চাহ পৰিৱেশন কৰা হয়।


‘‘ও মাগো Turu লাভ” (O Maa Go Turu Love) এটা বেঙ্গলী ভাৱ প্ৰকাশ যি এটা ভিডিঅ’ৰ জড়িয়তে ফেচবুকত ভাইৰেল হৈছিল।