১০ দিনৰ বাবে তলা ওলমিল মহানগৰীৰ দুখনকৈ ৰেস্তোৰাত

Wednesday, 23 October 2019

দৈনিক বাতৰি

১০ দিনৰ বাবে তলা ওলমিল মহানগৰীৰ দুখনকৈ ৰেস্তোৰাত

১০ দিনৰ বাবে তলা ওলমিল মহানগৰীৰ দুখনকৈ ৰেস্তোৰাত | May 01, 2019 11:35 hrs

গুৱাহাটী, ১ মে' , ২০১৯ : খাদ্য সুৰক্ষা বিভাগৰ অভিযানত ১০ দিনৰ বাবে বন্ধৰ নিৰ্দেশ মহানগৰীৰ দুখনকৈ ৰেস্তোৰা ক্ৰমে নিহাৰ্ছ আৰু এম্পেৰৰ চাইনালৈ।  বিগত ৩০ এপ্ৰিলত গুৱাহাটীৰ কেবাখনো হোটেল আৰু ৰেষ্টুৰেণ্টত খাদ্যৰ গুণাগুণ পৰীক্ষাৰ বাবে এক অভিযান চলোৱা হৈছিল।

খাদ্য পৰীক্ষক তৰুন দাসে এই অভিযান সন্দৰ্ভত জনায় "খ্ৰীষ্টানবস্তিস্থিত নিহাৰ্ছ আৰু জুৰোড তিনিআলিস্থিত এম্পেৰৰ চাইনা নামৰ ৰেস্তোৰা দুখনৰ ওপৰত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছিল। আমাৰ অভিযানত দেখা গৈছে যে ৰেস্তোৰা দুখনৰ ৰান্ধনিশাল যথেষ্ট অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ।"

উল্লেখ্য যে বিগত মাহত এনেদৰেই অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগৰ ভিত্তিত 'থ্ৰী গাইজ' আৰু 'কুইক-পিক' নামৰ দুখৰ খাদ্য বিপনী তথা ৰেষ্টোৰা বন্ধৰ নিৰ্দেশ জাৰি কৰা হৈছিল।
 
খাদ্য সুৰক্ষা বিভাগে দহ দিনৰ ভিতৰত ৰেস্তোৰা দুখনক খাদ্যৰ মানদণ্ড উন্নত কৰাৰ নিৰ্দেশ দিয়ে।

Banner

প্ৰতিনিধিত্বমূলক ছবি