Two More COVID-19 Positive Cases in Assam | Assamese News

Tuesday, 02 June 2020

দৈনিক বাতৰি

অসমত ক’ভিড-১৯ ত আক্ৰান্ত আৰু ২ গৰাকী, ১০২ লৈ বৃদ্ধি

জিপ্লাছ | May 18, 2020 11:35 hrs

১৮ মে’, গুৱাহাটী - অসমত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আজি কিছুসময় পূৰ্বে আৰু দুগৰাকী লোকৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰিছে। এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। 

আজি ধৰা পৰা লোকদুগৰাকীৰ এগৰাকী যোৰহাটৰ আৰু আনগৰাকী নগাওঁৰ। ইতিমধ্যে দুয়োগৰাকী লোককেই যোৰহাটৰ কোৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে।

এইদুগৰাকী লোকৰ সৈতে অসমত এইপৰ্যন্ত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১০২ লৈ বৃদ্ধি পালে। অদ্যপি ৫৭ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু ২ গৰাকী লোকৰ মৃত্যু ঘটিছে। 

দেশজুৰি চলি থকা লকডাউনৰ চতুৰ্থটো পৰ্যায়ৰ প্ৰথমটো দিনতেই আজি ১০০ ৰ সীমা অতিক্ৰম কৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যাই।