ওদালগুৰিৰ ৬ খন চাহ বাগিছাত তলা ওলমাৰ চৰ্চা
দৈনিক বাতৰি

ওদালগুৰিৰ ৬ খন চাহ বাগিছাত তলা ওলমাৰ চৰ্চা

জিপ্লাছ নিউজ ডেস্ক | July 27, 2019 17:49 hrs

২৭ জুলাই, গুৱাহাটী : লোকচানৰ দোহাই দি তিনিমাহ ধৰি বিষয়া কৰ্মচাৰীক দৰমহা দিয়া নাই ওদালগুৰি জিলাৰ ছয়খনকৈ চাহ বাগিচাৰ মালিকপক্ষই। মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ মালিকানাধীন জিলাখনৰ পানেৰী চাহ বাগিচা, ভূটীয়াচাং চাহ বাগিচা, আটাৰীখাট চাহ বাগিছা, কৰামোৰ চাহ বাগিচা, বৰঙাজুলি চাহ বাগিচা আৰু ডিমাকুছি চাহ বাগিচাৰ অধিকাংশ বিষয়া, কৰ্মচাৰী আৰু শ্ৰমিকৰ মাজত বাগিচাকেইখন বন্ধ হোৱাৰ চৰ্চা চলিছে।

ৰাজ্য চৰকাৰে চাহ বাগিচা সমূহৰ কল্যাণৰ কাৰণে বিভিন্ন আচঁনি গ্ৰহণ কৰিছে। তেনে ক্ষেত্ৰত মালিকপক্ষই লোকচানৰ দোহাই দিয়াটো সহজভাৱে ল’ব পৰা নাই কৰ্মচাৰীসকলে। উক্ত চাহ বাগিচাকেইখনত একাংশ উচ্চপদস্থ বিষয়াৰ মাজত বিভিন্ন আভ্যন্তৰীণ খামখেয়ালি থকা বুলিও দাবী কৰে শ্ৰমিকসকলে। এই  খামখেয়ালিসমূহ মষিমূৰ বিষয়া- কৰ্মচাৰী আৰু শ্ৰমিকসকলৰ ভৱিষ্যত সুৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী কৰে বাগিচাৰ শ্ৰমিকসকলে।