তিতাবৰত আলফাৰ নামত ২ লাখ টকাৰ ধনদাবী
দৈনিক বাতৰি

তিতাবৰত আলফাৰ নামত ২ লাখ টকাৰ ধনদাবী

জিপ্লাছ নিউজ ডেস্ক | February 18, 2020 11:59 hrs

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : তিতাবৰত আলফাৰ নামত ধনদাবীৰ ঘটনা। প্ৰাপ্ত তথ্যমতে প্ৰথমে স্বামী অক্ষয় দত্তক বিচাৰি আলফা কোনো লোকে ফোন কল কৰে। ইয়াৰ পৰৱৰ্তী সময়ত স্বাৰ্মীক যোগাযোগ কৰিব নোৱাৰি পত্নী কিৰণ শইকীয়া দত্তক ধনদাবী কৰি ফোন কৰে। ৮৭২৪০৭০৩৫৪ নম্বৰৰ পৰা ফোন কৰি ২ লাখ টকা দাবী কৰে বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে। 

আনহাতে দাবী কৰা ধন নিদিলে একমাত্ৰ কন্যাৰ ভয়াবহ পৰিনামৰ ভাবুকিও প্ৰদান কৰে। 
সম্প্ৰতি আলফাৰ ভয়ত বিব্ৰত হৈ পৰিছে কিৰণ শইকীয়া দত্ত আৰু অক্ষয় দত্তৰ পৰিয়াল। 

আজি নিশাৰ ভাগত দাবী কৰা ধন নিবলৈ অহাৰ কথা আছিল। ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।