তিনিচুকীয়াত আলফাৰ চাৰিজন সদস্যক আটক

Wednesday, 01 April 2020

দৈনিক বাতৰি

তিনিচুকীয়াত আলফাৰ চাৰিজন সদস্যক আটক

জিপ্লাছ | February 27, 2020 11:17 hrs

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী - আলফা স্বাধীনত যোগদান কৰোৱাত জড়িত থকা আলফাৰ এটা দলক আটক কৰে তিনিচুকীয়া আৰক্ষী আৰু সেনাই৷ যোৱা ২৪ ফেব্রুৱাৰীৰ পৰা তিনিচুকীয়া আৰক্ষী আৰু সেনাই চলোৱা এক যুটীয়া অভিযানত আলফা স্বাধীনত যোগদানত জড়িত আলফা স্বাধীনৰ চাৰিজন কেডাৰৰ লগতে সংগঠনটোত যোগদানৰ বাবে নিয়া আন চাৰিজন কিশোৰক অস্ত্র-শস্ত্র আৰু আপত্তিজনক সামগ্রীসহ আটক কৰে৷

ধৃত আলফা সদস্য কেইজন দিগন্ত গগৈ ওৰফে দিগন্ত অসম, ৰাণা সন্দিকৈ ওৰফে ককৈ, খগেন মৰাণ আৰু অভিজিত গগৈ বুলি আৰক্ষী সূত্রই জনায়৷ জিলাখনৰ কাকপথাৰ, মাকুম আৰু ডিগবৈ এলেকাৰ পৰা আটক কৰা আলফাৰ সদস্য কেইজনৰ পৰা সেনা-আৰক্ষীয়ে দুটা ৭.৬৫ আৰু .২২ এম এম পিষ্টল, সজীৱ গুলীৰ লগতে আলফা স্বাধীনৰ পতাকা, জংঘল বুট আদি সামগ্রী উদ্ধাৰ কৰিছে৷ আলফাৰ এই দলটোৱে জিলাখনৰ বিভিন্ন স্থানৰ পৰা যুৱকক সংগঠনটোত ভর্তি কৰাৰ প্রক্রিয়া চলাই আছিল৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই দলটোক আটক কৰিবলৈ সক্ষম হয়৷