মৃৎশিল্পক পুনৰুজ্জীৱিত কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস এক বেচৰকাৰী সংস্থাৰ
দৈনিক বাতৰি

মৃৎশিল্পক পুনৰুজ্জীৱিত কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস এক বেচৰকাৰী সংস্থাৰ

জিপ্লাছ নিউজ ডেস্ক | September 30, 2019 18:28 hrs

৩০ ছেপ্তেম্বৰ, গুৱাহাটী : দেশজুৰি একক ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ বাবে ৰাইজৰ মাজত বিভিন্ন সজাগতা সৃষ্টি কৰা হৈছে। তেনেতে এক ব্যতিক্ৰমী চিন্তাধৰাৰৰে এটা বেচৰকাৰী সংস্থাই প্লাষ্টিক বৰ্জনৰ বাবে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। 

মৃতপ্ৰায় অৱস্থাত থকা মৃৎশিল্পক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াসেৰে ধুবুৰীৰ চাপৰৰ খৰিদাগোঁসাই গাঁৱৰ ‘ব্ৰহ্মপুত্ৰ ভেলী অৰগেনাইজেচন’ নামৰ সংস্থাটোৱে  মাটিৰে নিত্য প্ৰয়োজনীয় পানীৰ বটল, বাচন-বৰ্তনকে আদি কৰি সকলো সা-সামগ্ৰী প্ৰস্তুত কৰিছে। গাঁওখনৰ প্ৰায় ছশ পৰিয়ালকে মৃৎশিল্পৰ  প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল কৰাৰ প্ৰয়াস কৰিছে সংস্থাটোৱে।  

সম্প্ৰতি এই প্ৰশিক্ষণ শিবিৰটোৱে ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰণালয়ৰ SFURTI, MSME আঁচনিৰ জৰিয়তে লাভ কৰা ১ কোটি ১২ লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰিছে।এই মৃৎশিল্পই ৰাষ্ট্ৰীয় পৰ্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। 

দৈনন্দিন জীৱনত প্লাষ্টিকৰ বিকল্প হিচাপে এই সংস্থাটোৱে খোৱা পানীৰ বটলকে ধৰি, চাহৰ কাপ, বাচন বৰ্তন সকলো তৈয়াৰ কৰিছে। ৰাজ্যকে ধৰি নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাতো এই মৃৎ শিল্পসমূহে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 

বেচৰকাৰী সংস্থাটোৰ এই পদক্ষেপে গাওঁবাসীকো স্বাৱলম্বী হোৱাৰ পথ মুকলাই দিছে।