Unlock 1: Assam Continues Restrictions on Pillion Riding | Assamese News
দৈনিক বাতৰি

আনলক ১ - দুচকীয়া বাহনত দুজন লোকৰ যাতায়াত নিষিদ্ধ থাকিব অসমত

জিপ্লাছ | June 01, 2020 16:17 hrs

০১ জুন, গুৱাহাটী - ১ জুনৰ পৰা অসম চৰকাৰে ৰাজ্যত লকডাউনৰ ক্ষেত্ৰত ব্যাপক শিথিলতা ঘোষণা কৰিছে। ১ জুনৰ পৰাই লকডাউনৰ ৫ম পৰ্যায় আৰম্ভ হৈছে, যাক আনলক বুলিও অভিহিত কৰা হৈছে। 

ইফালে লকডাউনৰ শিথিলতাৰ মাজতো দুচকীয়া বাহনত দুজন লোক উঠাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাহাল ৰখা হৈছে।

নতুন নিৰ্দেশনাৱলী অনুসৰি দুচকীয়া বাহনত কোনো আৰোহীয়ে যাতায়াত কৰিব নোৱাৰিব, অৱশ্যে মহিলা আৰু ১২ বছৰৰ তলৰ শিশু-কিশোৰে যাতায়াত কৰিব পাৰিব।

এই যাতায়াতৰ সময়ত ফে’চমাস্ক পৰিধান কৰাটো বাধ্যতামূলক থাকিব।