উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙে বানসাহায্য হিচাপে অসমলৈ আগবঢ়ালে ৫ কোটি টকা

Sunday, 31 May 2020

দৈনিক বাতৰি

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিঙে বানসাহায্য হিচাপে অসমলৈ আগবঢ়ালে ৫ কোটি টকা

জিপ্লাছ ব্যুৰ’ | July 26, 2019 16:34 hrs

২৬ জুলাই, গুৱাহাটী - অসমৰ বিভিন্ন ঠাইত সম্প্ৰতি বান পৰিস্থিতিৰ ভয়াবহতা কিছু শাম কাটিছে যদিও এতিয়াও ভালেমান ঠাইত পানী শুকুওৱা নাই। বহু ঠাইত এতিয়াও অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে। সমগ্ৰ দেশবাসীয়ে এনে পৰিস্থিতিত ৰাজ্যখনৰ বানপীড়িত ৰাইজলৈ সাহায্য আগবঢ়াইছে। বিভিন্ন তাৰকা, ৰাজনীতিবিদে মুক্তহস্তে আগবঢ়াইছে বানসাহায্য।

শেহতীয়াকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটেও অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বানসাহায্য হিচাপে আগবঢ়াইছে ৫ কোটি টকা।

এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ টুইটাৰ একাউণ্টযোগে কয়, অসমলৈ বান সাহায্য হিচাপে আপুনি ৫ কোটি টকা আগবঢ়োৱা বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অশেষ ধন্যবাদ জনাইছো। 

 

ত্ৰিবেন্দ্ৰ সিং