গুৱাহাটীত নিশাৰ ভিতৰতে আকাশলংঘী মূল্য শাক-পাছলিৰ, বিলাহীৰ কেজি ১৫০ টকালৈ বৃদ্ধি
দৈনিক বাতৰি

গুৱাহাটীত নিশাৰ ভিতৰতে আকাশলংঘী মূল্য শাক-পাছলিৰ, বিলাহীৰ কেজি ১৫০ টকালৈ বৃদ্ধি

জিপ্লাছ নিউজ ডেস্ক | June 27, 2020 12:56 hrs

২৭ জুন, গুৱাহাটী: মহানগৰীত লকডাউন ৰিটানৰ্ছ । ৰাজ্যত চাৰিটা পৰ্যায়ত লকডাউন পালন কৰাৰ পাছতেই ক্ৰমাৎ কৰ’ণাৰ ক্ষিপ্ৰগতিত সংক্ৰমণৰ ফলত  ৰাজ্য চৰকাৰে দেওবাৰে মাজনিশাৰ পৰা ১২ জুলাইলৈ ১৫ দিনীয় লকডাউন ঘোষণা কৰে। ইয়াৰ পাছতেই মহানগৰীৰ বিভিন্ন বজাৰ তথা দোকান পোহাৰত উৎসৱসদৃশ ভিৰ দেখা গৈছে। 

আজি আৰু কালি দিনটোৰ ভিতৰতেই গুৱাহাটীবাসীয়ে লকডাউনৰ প্ৰথম সপ্তাহৰ কাৰণে খাদ্য সামগ্ৰী কিনিবলৈ অহাৰ ফলত ৰাজপথত ব্যাপক জান-জঁটৰ সৃষ্টি হয়। এতিয়া এই সুযোগ লৈ  ভিতৰতে শাক-পাছলিয়ে আকাশলংঘী মূল্য অতিক্ৰম কৰিছে। প্ৰাপ্ত তথ্যমতে দৈনন্দিন বজাৰত কাইলৈকে  ২০ টকাত বিক্ৰী হোৱা আলুৰ মূল্য কেজি ৫০টকা, ২৫ টকা মূল্যৰ পিয়াঁজ ৬০ টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ওপৰিও আজিৰ পুৱাৰ পৰা বহুকেইখন বজাৰত খাদ্য সামগ্ৰীৰ নাটনি হোৱাও দেখা গৈছে। 

লগতে কেঁচা শাক-পাচলিৰ মূল্য অভাৱনীয়া হাৰত বৃদ্ধি হৈছে। পাইকাৰী বজাৰত বীনৰ কেজি ৭০ টকাৰ পৰা ১০০ টকা,বিলাহী কেজি ১০০ টকাৰ পৰা ১৫০ টকা, ভাতকেৰেলাৰ মূল্য ৮০ টকাৰ পৰা ১০০ টকালৈ বৃদ্ধি হৈছে।  এই লকডাউনৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰি জনসাধাৰণক অধিক মূল্যত বিক্ৰী কৰিছে।

আনহাতে ৰাজ্যত বিগত কেবাদিনৰ পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ বাবে  ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে।বাঢ়নী পানীৰ বাবে মাছমৰীয়াসকলে মাছ ধৰিব নোৱাৰাৰ ফলত এতিয়া লোকেল মাছৰ অভাৱত বজাৰত চালানী মাছৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈছে।  

মাছখোৱাৰ এগৰাকী বাসিন্দাই জিপ্লাছক কয় -‘যদিও আমাক ৰাজ্য চৰকাৰে খাদ্য সামগ্ৰী কিনিবলৈ সময় দিছে, বজাৰত খাদ্য সামগ্ৰী পাবলৈ নোহোৱা হৈছে। দোকানত ৰিফাইন তেল, গাখীৰৰ পেকেট, মাছ, মাংস ষ্টকত নোহোৱা হৈ গৈছে।’

 খাদ্য সুৰক্ষা বিভাগে জিপ্লাছক দাম বৃদ্ধিৰ সন্দৰ্ভত কয় -‘আমি ইতিমধ্যে বিক্ৰেতাসমূহক খাদ্যৰ সামগ্ৰীৰ মূল্যৰ নিৰ্ধাৰিত জাননী জাৰি কৰিছো। 

আনহাতে জিলা প্ৰশাসনৰ বিভাগীয় সূত্ৰই জনায় যে ৰাজ্য চৰকাৰে লকডাউন হঠাৎ ঘোষণা কৰি দিছে। কৰ্তৃপক্ষই লোকসকল এতিয়াও ক’ভিড-১৯ আৰু  অসমৰ বানপানীৰ সমস্যা সমাধানত ব্যস্ত হৈ আছে। গতিকে মূল্য বৃদ্ধি সন্দৰ্ভতে তেওঁলোকে এতিয়া অৱগত নকৰে।   

উল্লেখ্য যে পূৰ্বৰ লকডাউনতকৈ চৰাকৰে এইবাৰ অধিক কঠোৰভাৱে লকডাউনৰ নিয়ম প্ৰনয়ণ কৰিছে। লকডাউনৰ প্ৰথমটো সপ্তাহলৈ গুৱাহাটীত স্বাস্থ্য বিভাগ, হাস্পতাল, ফাৰ্মাচীৰ বাহিৰে সকলো দোকান পোহাৰ, গেলামাল, শাক পাচলিৰ বজাৰ বন্ধ থাকিব। এসপ্তাহ যোৱাৰ পাছতহে চৰকাৰে পৰিস্থিতি লক্ষ্য কৰি পৰৱৰ্তী সময়ত দোকান পোহাৰ খোলাৰ সন্দৰ্ভত বিবেচনা কৰিব।