চিকিৎসক - নাৰ্ছক কোৰাণ্টাইন কৰাৰ বাবে ব্যৱহৃত হ’ব তাজ ৱিবান্ত

Thursday, 04 June 2020

দৈনিক বাতৰি

চিকিৎসক - নাৰ্ছক কোৰাণ্টাইন কৰাৰ বাবে ব্যৱহৃত হ’ব তাজ ৱিবান্ত

জিপ্লাছ | April 04, 2020 16:05 hrs

গুৱাহাটী, ৪ মাৰ্চঃ ক’ৰোনা আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত হৈ থকা অসমৰ চিকিৎসক-নাৰ্ছসকলক আছে সেই ৭ দিনৰ কৰ্মৰ অন্তত ১৪ দিনৰ বাবে কোৰেণ্টাইন কৰা হ’ব। গুৱাহাটীৰ হোটেল তাজ ৱিৱাণ্টাক এই সুবিধাৰ বাবে ব্যৱহাৰ কৰা হ’ব। এই কথা আজি এক সংবাদমেলযোগে জানিবলৈ দিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, চিকিৎসক নাৰ্ছসকলক কোৱাৰেণ্টাইনত ৰখাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে তাজ ভিভাণ্টা কৰ্তৃপক্ষই । ইফালে, ৬ এপ্ৰিলৰ পৰা হোটেলখনৰ কৰ্মচাৰী সকলো নিয়োজিত হ’ব নিজ নিজ কামত । এই ক্ষেত্ৰত হ’ব লগা খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

প্ৰথম ৰাউণ্ডত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্ছ সকলক ১৪ দিনৰ বাবে তাজ ভিভাণ্টাত কোৱাৰেণ্টাইনৰ বাবে পঠোৱা হ’ব ।