ভোটাৰ কাৰ্ড, পান কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ হিচাপে বৈধ নহ’ব। - গুৱাহাটী উচ্চ ন্যায়ালয়

Saturday, 27 February 2021

দৈনিক বাতৰি

ভোটাৰ কাৰ্ড, পান কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ হিচাপে বৈধ নহ’ব। - গুৱাহাটী উচ্চ ন্যায়ালয়

জিপ্লাছ | February 17, 2020 12:27 hrs

গুৱাহাটী - এতিয়াৰে পৰা ভোটাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা নাযাব। এই কথা ঘোষণা কৰিছে খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ে। আদালতে ইয়াৰ লগতে মাটিৰ ৰাজহ দাখিলৰ ৰচিদ, পান কাৰ্ড আৰু বেংকৰ বিভিন্ন নথি পত্ৰক নাগৰিকত্বৰ প্ৰমাণ হিচাপে ব্যৱহাৰ নহ’ব।

উল্লেখ্য যে ন্যায়াধীশ মনোজিৎ ভূঞা আৰু পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে বাবুল ইছলাম বনাম ষ্টেট অৱ আছাম শীৰ্ষক এক গোচৰৰ ৰায় প্ৰদান কৰি এই নিৰ্দেশনা জাৰি কৰিছে।

ভোটাৰ আই ডি হʼল ইলেকচন কমিচন অফ ইণ্ডিয়াই ভোট দিবলৈ যোগ্য সকলো ভাৰতীয় নাগৰিকক দিয়া এখন ফটোযুক্ত পৰিচয় পত্ৰ, ইয়াক এপিক (ইলেকট্ৰৰেল ফটো আইডেন্টিটি কাৰ্ড) নামেৰেও জনা যায়। ভোটাৰ আই ডিৰ উদ্দেশ্য হʼল, ভোটাৰ সকলৰ বাবে এখন পৰিচয় প্ৰমাণপত্ৰ, স্বতন্ত্ৰ আৰু নিৰপেক্ষ নিৰ্বাচনৰ সময়ত প্ৰতিৰূপন আৰু ভুৱা কাৰ্য্যকলাপ প্ৰতিৰোধ কৰা আৰু ইয়াৰ কাৰ্য্যদক্ষতা বঢ়োৱা। এই কাৰ্ডখন সাধাৰণতে ইলেকচন কাৰ্ড, ভোটাৰ কাৰ্ড বা ভোটাৰ আই ডি বুলিও জনা যায়।

ভাৰতত ব্যক্তিগত পৰিচয় পত্ৰ হিচাপে ভোটাৰ আই ডি গ্ৰহণযোগ্য যিহেতু ইয়াক চৰকাৰী সংস্থাই জাৰী কৰে। ভোটাৰ আই ডিত তলত দিয়া তথ্যসমূহ থাকে-

  • এটা ইউনিক চিৰিয়েল নম্বৰ
  • কাৰ্ডহোল্ডাৰৰ ফটো
  • সম্বন্ধিত ৰাজ্য/ ৰাষ্ট্ৰৰ এটা হলʼগ্ৰাম থাকিব
  • কাৰ্ডহোল্ডাৰৰ নাম
  • কাৰ্ডহোল্ডাৰৰ দেউতাকৰ নাম
  • লিংগ
  • কাৰ্ডহোল্ডাৰচ
  • কা্ৰ্ডহোল্ডাৰৰ জন্ম তাৰিখ আৰু চন

কাৰ্ডহোল্ডাৰৰ ঘৰৰ ঠিকনা আৰু জাৰী কৰা কৰ্তৃপক্ষৰ চহী,(ইলেকটʼৰেল ৰেজিষ্ট্ৰেচন অফিচাৰ) ভোটাৰ আই ডি কাৰ্ডৰ পিছফালে থাকে।

প্ৰতিনিধিত্বমূলক ছবি