এন আৰ চিৰ পৰা নাম বাদ পৰিলে প্ৰথমে কি কৰিব?
দৈনিক বাতৰি

এন আৰ চিৰ পৰা নাম বাদ পৰিলে প্ৰথমে কি কৰিব?

জি প্লাছ নিউজডেস্ক | August 31, 2019 11:20 hrs

গুৱাহাটী - আজি প্ৰকাশ পালে বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকা। তালিকাত নাম অন্তৰ্ভুক্ত হ’ল ৩ কোটিৰো অধিক লোকৰ। আনহাতে বাদ পৰিল ১৯ লাখৰো অধিক লোকৰ নাম। পিছে এই তালিকাত যদিহে নাম অহা নাই তেন্তে আপুনি কি কৰিব?

তালিকাত নাম নহা মানেই আপুনি বিদেশী নেকি? তালিকাত নাম নহা মানেই আপুনি ভাৰতীয় বুলি কোৱাৰ অধিকাৰ হেৰুৱাব নেকি? 

পোন প্ৰথমে এইটো সকলো বুজিব লাগিব যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নহা মানেই কোনো এগৰাকী লোকক প্ৰব্ৰজনকাৰী বুলিব নোৱাৰি। অথবা ভাৰতীয় নাগৰিক নহয় বুলি ক’ব নোৱাৰি। কেৱল সন্দেহজনক নাগৰিক সন্দৰ্ভত ৰায়দান কৰাৰ বাবে স্থাপন কৰা ন্যায়িক কোষ, বিদেশী প্ৰাধিকৰণ বা ফৰেইনাৰ্ছ ট্ৰিবিউনেলৰহে অধিকাৰ আছে কোনো এগৰাকী নাগৰিকক বিদেশী বা প্ৰব্ৰজনকাৰী বুলি ঘোষণা কৰাৰ অধিকাৰ। চৰকাৰৰ তৰফৰ পৰা প্ৰকাশিত এই তালিকাত নাম যদিহে সন্নিৱিষ্ট হোৱা নাই তেন্তে আপুনি শীঘ্ৰেই এই ফৰেইনাৰ্ছ ট্ৰিবিউনেললৈ গৈ নিজৰ বিষয় উত্থাপন কৰিব লাগিব।