হাতীৰ উপদ্ৰবত  টঙী ঘৰ সাজি দিনে-নিশাই পহৰা দিছে ৰাণীবাসীয়ে 
দৈনিক বাতৰি

হাতীৰ উপদ্ৰবত  টঙী ঘৰ সাজি দিনে-নিশাই পহৰা দিছে ৰাণীবাসীয়ে 

জিপ্লাছ নিউজ ডেস্ক | September 16, 2019 17:29 hrs

১৬ ছেপ্তেম্বৰ, গুৱাহাটী : পথাৰত টঙীঘৰ সাজি দিনেই নিশাই পহৰা দিছে ৰাণীবাসীয়ে।পশ্চিম গুৱাহাটী সমষ্টিৰ অসম মেঘালয় সীমান্তৱৰ্তী  ৰাণীত খেতিপথাৰত বনৰীয়া হাতীৰ উপদ্রবত আতংকিত সীমান্তবাসী ৰাইজে। বৃহত্তৰ ৰানী অঞ্চলৰ কৃষি পথাৰত প্ৰায় তিনি দশক ধৰি বনৰীয়া হাতীৰ উপদ্রবৰ লগতে হাতী আৰু মানুহৰ দীৰ্ঘদিনীয়া সংঘাতৰ ফলত বহুতো নীৰিহ লোক মৃত্যুৰ মুখত পৰিছে। 

আনহাতে এই সংঘাটত বনৰীয়া হাতীসমূহেও প্ৰাণ হেৰুৱাবলগা হৈছে। হাতীৰ উপদ্রবত স্থানীয় লোকে খেতি কৰাও বন্ধ কৰাৰ ফলত শ শ বিঘা কৃষিভূমিত ছন ধৰিছে।

উল্লেখ্য যে মেঘালয়ৰ অৰণ্যৰ পৰা ভৈয়ামলৈ খাদ্যৰ  সন্ধানত অহা জাক-জাক বনৰীয়া হাতীৰ উপদ্রবত আতংকিত হৈছে বৃহত্তৰ ৰানী অঞ্চলৰ কৃষিজীৱী ৰাইজ। বিশেষকৈ ৰানী বনাঞ্চলিক কায্যালয়ৰ,অন্তৰ্গত,বেলগুৰি,নালাপাৰা,গাৰোপাৰা,চল্লি,বিক্ৰমপুৰ,চেচা,খপেগাও,পুখুৰীপাৰ ,পুৰাণশুকুৰবেৰীয় আদি ঠাইত কেবা বিঘা কৃষিভূমি বনৰীয়া হাতীয়ে তহলিং কৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে।

সেয়েহে হাতীৰ উপদ্রবৰ পৰা ৰক্ষ্য পাবলৈ কৃষক সকলে পথাৰৰ মাজত টঙীঘৰ নিৰ্মাণ কৰি বিভিন্ন শব্দ বজায় জুই দলিয়াই হাতী খেদিবলৈ চেষ্টা কৰি আহিছে যদিও কমা নাই হাতীৰ উপদ্ৰব। এই বিষয় সন্দৰ্ভত স্থানীয় লোকসকলে বিধায়ক আৰু বন বিভাগক ব্যৱস্থা গ্রহণৰ বাবে  দাবী উত্থাপন কৰে। 

Banner