নিউজিলেণ্ডক পৰাস্ত কৰি মহিলা টি ২০ বিশ্ব কাপ ছেমিফাইনেলত ভাৰতৰ প্ৰৱেশ

Saturday, 06 June 2020

দৈনিক বাতৰি

নিউজিলেণ্ডক পৰাস্ত কৰি মহিলা টি ২০ বিশ্ব কাপ ছেমিফাইনেলত ভাৰতৰ প্ৰৱেশ

জিপ্লাছ নিউজ ডেস্ক | February 27, 2020 13:05 hrs

২৭ ফেব্ৰুৱাৰী, গুৱাহাটী : নিউজিলেণ্ডক পৰাস্ত কৰি মহিলা টি ২০ বিশ্ব কাপ ছেমিফাইনেলত ভাৰতৰ প্ৰৱেশ। ২০ অভাৰত ১৩৩/৮ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ৪ ৰানত পৰাস্ত কৰি ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। 

পোণ প্ৰথমে ভাৰতৰ দুৰ্দান্ত বেটিঙৰ পাছতে ভাৰতীয় দলৰ ব’লিং আৰু ফিল্ডিঙত নিউজিলেণ্ডৰ দলটোক শংকিত কৰি তুলিছিল। 

ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত ক’ৰে কয় -“শেহতীয়া তিনিখন খেলৰ পৰা আমি বহুখিনি শিকিলো। এতিয়া আমি প্ৰতিদিনে শিকিবলৈ সক্ষম হৈছো। আমি শক্তিশালী আৰম্ভণি কৰিছিলো। ১০ অভাৰৰ পাছত আমি সেই উদ্যাম হেৰুৱাই দিলো যদিও আমি পৰৱৰ্তী খেলসমূহত আৰু সুন্দৰকৈ খেলিবলৈ চেষ্টা কৰিম। ব’লিঙত আমি সুন্দৰকৈ প্ৰদৰ্শন কৰিছিলো যদিও কিছু ভুলো কৰিলো। খেলসমূহ আৰু কঠোৰ হ’লে আমি সেই সামান্য ভুলবোৰ  পুনৰাই কৰিব নোৱাৰো।”

উল্লেখ্য যে এইবাৰৰ সৈতে ভাৰতে চতুৰ্থবাৰৰ বাবে মহিলা টি ২০ বিশ্ব কাপত স্থান দখল কৰিছে।   
 

প্ৰিতনিধিত্বমূলক ছবি