বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম কন্যা যমুনা বড়ো
দৈনিক বাতৰি

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত অসম কন্যা যমুনা বড়ো

জিপ্লাছ নিউজ ডেস্ক | October 10, 2019 17:45 hrs

১০ অক্টোবৰ, গুৱাহাটী : বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস ৰচনা অসম কন্যা যমুনা বড়োৰ। ৰাছিয়াত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰৱেশ কৰি মেডেল নিশ্চিত কৰিলে অসমৰ বক্সাৰ যমুনা বড়োৱে। 

প্ৰথমখন খেলতে ৫৪ কিঃগ্ৰাঃ শাখাত মংগোলীয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাজিত কৰিছিল যুমনা বড়োৱে। প্ৰথমবাৰলৈ এই টুৰ্নামেন্টত অংশ লৈ ৰাজ্যখনলৈ গোৰৱ কঢ়িয়াই আনিছে বক্সাৰগৰাকীয়ে। অহা ১২ অক্টোবৰ শণিবাৰে বড়োৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব টাইৱানৰ হুৱাং ছিয়াও ৱেনে।

Banner

যমুনা বড়ো

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Raj Gogai

    It's really beautiful best of luck i really miss you