তেজপুৰত অবৈধ চোৰাং কাঠৰ বেহা
দৈনিক বাতৰি

তেজপুৰত অবৈধ চোৰাং কাঠৰ বেহা

জিপ্লাছ নিউজ ডেস্ক | September 16, 2019 15:50 hrs

১৬ ছেপ্তেম্বৰ, গুৱাহাটী : তেজপুৰ চহৰৰ মাজ মজিয়াত বন বিভাগৰ চকুত ধূলি ছটিয়াই একাংশ দুষ্ট চক্ৰই চলাই আহিছে অবৈধ কাঠৰ ৰমৰমীয়া বেহা। তেজপুৰ চহৰৰ মহাভৈৰৱত বন বিভাগৰ চকুৰে আগতে একাংশ লোকে সৰবৰাহ কৰি আহিছে মূল্যবান গমাৰি কাঠ ৷ 

আজি জিলাখনৰ এটা সাংবাদিকৰ দলৰ তৎপৰতাত চোৰাং কাঠ সমূহ উদ্ধাৰ কৰি বন বিভাকক চমজাই দিয়া হয়। বন বিভাগৰ অজ্ঞাতে এই এইদৰে বহুতো মূল্যবান কাঠৰ বেহা চলাই আহিছে এই দুষ্ট চক্ৰসমূহে। 

Banner